নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱত ৭ কিঃমিঃ সমদল কৰি প্রধান শিক্ষয়িত্রীৰ বাসভৱন ঘেৰাওঃ মেট্রিক পৰীক্ষাৰ ফলাফলক লৈ অব্যাহত প্রতিবাদ

নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ  শেহতীয়াকৈ ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পাছত সৃষ্টি হোৱা প্রতিবাদমুখৰ পৰিৱেশ এতিয়াও শাম কটা নাই৷ বৰঞ্চ বিকল্প মূল্যায়নেৰে ঘোষণা কৰা ফলাফলক লৈ অসন্তুষ্টি প্রকাশ কৰি ক্ষুব্ধ শিক্ষার্থীয়ে অব্যাহত ৰাখিছে প্রতিবাদ৷ ধনৰ বিনিময়ত একাংশ বিদ্যালয় কর্তৃপক্ষই নম্বৰ প্রদান কৰা বুলি অভিযোগ উত্থাপন কৰি ৰাজ্যৰ ভিন্ন প্রান্তত ছাত্র–ছাত্রীয়ে বিক্ষোভ প্রদর্শন কৰিছে৷ কিছু অঞ্চলত পৰিস্থিতি এনে পর্যায় পাইছেগৈ যে প্রধান শিক্ষকৰ বাসভৱন ঘেৰাও, অধ্যক্ষৰ কোঠালিত তলা ওলোমাই প্রতিবাদ সাব্যস্ত কৰিছে শিক্ষার্থীয়ে৷ আজি ছয়গাঁৱৰ বামুণীগাঁও, বিজনী, তাৰাবাৰী, লামডিঙকে ধৰি ভিন্ন প্রান্তত অসন্তুষ্ট শিক্ষার্থীসকলে প্রতিবাদ সাব্যস্ত কৰে৷

কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ বামুণীগাঁও হাইস্কুলৰ প্রায় ৭০গৰাকী শিক্ষার্থীয়ে ৭ কিলোমিটাৰ সমদল কৰি কৈ বিদ্যালয়খনৰ প্রধান শিক্ষয়িত্রী ৰঞ্জু দাস শালৈৰ বাসভৱনৰ সন্মুখত বিক্ষোভ প্রদর্শন কৰে৷ ক্ষুব্ধ শিক্ষার্থীসকলে বামুণীগাঁও হাইস্কুল হায় হায়, প্রধান শিক্ষয়িত্রী ৰঞ্জু দাস শালৈ হায় হায় আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্রধান শিক্ষয়িত্রীৰ বাসভৱন৷ যোৱা ৩০ জুলাইত ঘোষণা কৰা ফলাফল অনুসৰি বামুণীগাঁও হাইস্কুলৰ ১৫৭গৰাকী শিক্ষার্থীৰ ভিতৰত মাত্র ৩০গৰাকী ছাত্র–ছাত্রীহে উত্তীর্ণ হৈছে৷ ইয়াৰ পাছতে অনুত্তীর্ণ শিক্ষার্থীসকল ক্ষুব্ধ হৈ পৰে৷ অসন্তুষ্ট শিক্ষার্থীসকলে প্রধান শিক্ষয়িত্রীৰ সৈতে যোগাযোগ কৰে যদিও ছেবাৰ বাবেহে তেওঁলোক অনুত্তীর্ণ হোৱা বুলি প্রকাশ কৰে৷ একে সময়তে প্রধান শিক্ষয়িত্রীগৰাকীয়ে আজি বিদ্যালয়ত শিক্ষার্থীসকলক সাক্ষাৎ কৰিব বুলি অৱগত কৰিছিল যদিও তেওঁ উপস্থিত নহ’ল৷ ফলত শিক্ষার্থীসকলে তেওঁক ফোনযোগে যোগাযোগৰ চেষ্টা চলায়৷ কিন্তু ফোনৰ ছুইছ অফ হোৱাত শিক্ষার্থীসকলে প্রায় ৭ কিলোমিটাৰ পথ খোজকাঢ়ি সমদল কৰি আহি শিক্ষয়িত্রীগৰাকীৰ বাসভৱন ঘেৰাও কৰে৷

প্রতিবাদী শিক্ষার্থীসকলে অভিযোগ কৰা অনুসৰি নিয়মীয়াকৈ স্কুললৈ যোৱা একাংশ ছাত্র–ছাত্রী অনুত্তীর্ণ হোৱাৰ বিপৰীতে বিদ্যালয়ত উপস্থিত নথকা কেইবাজনো শিক্ষার্থীক মেট্রিকত সুখ্যাতিৰে উত্তীর্ণ কৰাই দিয়া হৈছে৷ পৰৱর্তী সময়ত ছয়গাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ অৱশ্যে প্রতিবাদী কার্যসূচী সামৰণি মাৰিলেও কাইলৈ বিদ্যালয়ত উপস্থিত নহ’লে পুনৰ প্রধান শিক্ষয়িত্রীৰ ঘৰ ঘেৰাও কৰিব বুলিও শিক্ষার্থীসকলে সকীয়াই দিয়ে৷ প্রতিবাদী শিক্ষার্থীসকলে নতুনকৈ মেট্রিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈও দাবী উত্থাপন কৰে৷

You might also like