নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অক্সিজেন–দৰবৰ সঠিক যোগান নিশ্চিত কৰিবলৈ ১২জনীয়া নেচনেল টাস্ক ফ’ৰ্চ গঠন

নিয়মীয়া বাৰ্তা ৯ মেঃ ক’ৰোনাৰ দ্বিতীয় ঢ়ৌৱে সমগ্র ভাৰতবর্ষক ভয়ংকৰ অৱস্থাৰ দিশে ঠেলি দিছে৷ পৰিস্থিতিৰ মোকাবিলা কৰাত কেন্দ্রৰ লগতে ৰাজ্য চৰকাৰসমূহো ব্যর্থ হোৱা দেখা গৈছে৷
দিল্লী, উত্তৰ প্রদেশ আদিত অক্সিজেনৰ অভাৱত মৃত্যুশয্যাত ছটফটাইছে অসংখ্য লোকে৷ উপযুক্ত চিকিৎসাৰ অভাৱত অসহায় হৈ পৰিছে দেশবাসী৷ এনে পৰিস্থিতিত দেশৰ জনসাধাৰণক সকাহ দিবলৈ বিশেষ পদক্ষেপ গ্রহণ কৰিছে সর্বোচ্চ ন্যায়ালয়ে৷

অক্সিজেনকে ধৰি অত্যাৱশ্যকীয় মেডিকেল সেৱাৰ সুবিধা নিশ্চিত কৰিবলৈ উচ্চতম ন্যায়ালয়ে শনিবাৰে পশ্চিমবংগ স্বাস্থ্য বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য ড০ ভবতোষ বিশ্বাসৰ নেতৃত্বত গঠন কৰি দিছে ১২জনীয়া ‘নেচনেল টাস্ক ফ’ৰ্চ’৷ ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় আৰু এম আৰ শ্বাহৰ বিচাৰপীঠে গঠন কৰি দিয়া টাস্ক ফ’ৰ্চত অন্তর্ভুক্ত কৰা হৈছে দেশৰ ভিন্ন প্রান্তৰ জ্যেষ্ঠ চিকিৎসকৰ লগতে স্বাস্থ্য বিশেষজ্ঞক৷ কেন্দ্রীয় চৰকাৰৰ কেবিনেট সচিবগৰাকীয়ে এই টাস্ক ফ’ৰ্চৰ সমন্বয়ক হিচাপে কার্যনির্বাহ কৰিব৷ এই সম্পর্কীয় এক নির্দেশনাত ন্যায়ালয়ে কয় যে নেচনেল টাস্ক ফ’র্চে বর্তমানৰ আৰু ভৱিষ্যতৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কেন্দ্রীয় চৰকাৰক সঠিক পদ্ধতি আৰু তথ্যৰ যোগান ধৰিব৷ ৰাজ্যসমূহলৈ প্রয়োজন অনুসাৰে অক্সিজেন যোগানকে ধৰি সকলো ধৰণৰ মেডিকেল সাহায্য যাতে সঠিক সময়ত উপলব্ধ কৰাব পৰা যায়, সেয়াও নিৰীক্ষণ কৰিব ন্যায়ালয়ে আজি গঠন কৰি দিয়া টাস্ক ফ’র্চে৷

টাস্ক ফ’চৰ সদস্যসকল হৈছে– পশ্চিমবংগ স্বাস্থ্য বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য ড০ ভবতোষ বিশ্বাস, দিল্লীৰ গংগাৰাম হাস্পতালৰ পৰিচালন ব’ডৰ অধ্যক্ষ ড০ দেৱেন্দ্র সিং ৰাণা, বাংগালুৰুৰ নাৰায়ণা হেলথকেয়াৰৰ কার্যবাহী সঞ্চালক ড০ দেৱীপ্রসাদ চেট্টী, ভেলোৰৰ খ্রীষ্টিয়ান মেডিকেল কলেজৰ অধ্যাপক ড০ গগনদীপ কাং, সঞ্চালক ড০ জে ভি পিটাৰ, গুৰগাঁৱৰ মেডাণ্ট হাস্পতালৰ পৰিচালন সঞ্চালক ড০ নৰেশ ট্রেহান, মুম্বাইৰ ফর্টিজ হাস্পতালৰ ক্রিটিকেল কেয়াৰৰ ডিৰেক্টৰ ড০ ৰাহুল পণ্ডিত, দিল্লীৰ গংগাৰাম হাস্পতালৰ ছার্জিকেল গেষ্ট্র’এণ্ড্র’লজী বিভাগৰ মুৰব্বী ড০ সৌমিত্র ৰাৱট, দিল্লীৰ ইনষ্টিটিউট অৱ লিভাৰ ছায়েঞ্চৰ হেপাট’লজী বিভাগৰ মুৰব্বী ড০ শিৱ কুমাৰ চাৰিন, মুম্বাইৰ হিন্দুজা হাস্পতালৰ চেষ্ট ভিজিচিয়ান ড০ জাৰিৰ এফ উদৱাডিয়া আৰু ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা বিভাগৰ সচিব৷

কেন্দ্রীয় চৰকাৰৰ অতিৰিক্ত সচিব পর্যায়ৰ এগৰাকী কেবিনেট সচিবে এই টাস্ক ফ’ৰ্চৰ সমন্বয়ক হিচাপে কার্যনির্বাহ কৰিব৷ ইপিনে, নিটি আয়োগ, কেন্দ্রীয় চৰকাৰৰ বাণিজ্য পথ পৰিবহণ, মানৱ সম্পদ মন্ত্রালয় আদিৰ লগতে দিল্লীস্থিত এইমছ, আই আই এম চি, এন আই চি আদিৰ মুৰব্বীৰ লগত আলোচনা কৰি টাস্ক ফ’র্চে প্রয়োজনীয় মানৱ সম্পদ নিজৰ কামত নিয়োজিত কৰিব পাৰিব৷ উচ্চতম ন্যায়ালয়ে নেচনেল টাস্ক ফ’ৰ্চৰ দায়িত্ব আৰু কর্তব্য সম্পর্কে উনুকিয়াই দি কয় যে দেশৰ ৰাজ্যসমূহলৈ প্রয়োজন অনুসৰি অক্সিজেন আৰু অন্যান্য দৰবৰ যোগান যাতে সুনিশ্চিত কৰিব পৰা যায়, তাৰ এক বিজ্ঞানসন্মত পদ্ধতি প্রস্তুত কৰিব৷ লগতে মহামাৰীৰ সময়ছোৱাত অক্সিজেনৰ মজুত আৰু যোগানৰ ওপৰত চকু ৰাখিব৷ লগতে নির্দিষ্ট সময়ৰ মূৰে মূৰে সামগ্রিক ব্যৱস্থাটো পর্যালোচনা কৰিব৷

You might also like