🔹 ভাৰতত ক’ভিডৰ সংক্রমণ বৃদ্ধি
🔹 চিকিৎসালয়ক বিছনা-অক্সিজেন সাজু ৰাখিবলৈ নির্দেশ
নিউজ ডেস্ক, ২৫ মে’ : দেশত ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পাইছে৷ বিশ্ব স্বাস্থ্য সংস্থাই ক’ভিড–১৯ৰ নতুন উপ–প্রকৰণক লৈ শংকাৰ কাৰণ নাই বুলি উল্লেখ কৰিলেও চীন আৰু এছিয়াৰ বিভিন্ন প্রান্তত এই ভাইৰাছৰ সংক্রমণ উদ্বিগ্ণতাৰ কাৰণ হৈ উঠিছে৷ ভাৰততো ক’ভিড–১৯ৰ এনবি ১.৮.১ আৰু এলএফ.৭ প্রকৰণত আক্রান্ত লোক চিনাক্ত হৈছে৷ এই প্রকৰণক লৈ বিশ্ব স্বাস্থ্য সংস্থাই সূক্ষ্ম নিৰীক্ষণ চলাই থাকি এতিয়ালৈকে শংকাৰ কাৰণ নাই বুলি উল্লেখ কৰিছে যদিও ক’ভিড–১৯ৰ সংহাৰৰ বলি হোৱা বিশ্ববাসী আশ্বস্ত হ’ব পৰা নাই৷
ভাৰতীয় ছাৰছ–ক’ভ–২ জেন’মিক কনছর্টিয়াম, চমুকৈ ইনছাক’গে প্রকাশ কৰা তথ্য অনুসৰি, তামিলনাডু আৰু গুজৰাটত এনবি ১.৮.১ আৰু এলএফ. ৭ প্রকৰণত আক্রান্ত লোক চিনাক্ত হৈছে৷ ইপিনে, ক’ভিড–১৯ৰ সাধাৰণ প্রকৰণত আক্রান্ত হোৱা লোকৰ সংখ্যাও দেশজুৰি বৃদ্ধি পাইছে৷
লক্ষণীয় যে কেৰালা, মুম্বাই আৰু ৰাজধানী নতুন দিল্লীত ক’ভিড–১৯ৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পাই আছে৷ ৰাজধানী দিল্লীত এতিয়ালৈকে ২৩জন লোক ক’ভিডত আক্রান্ত হৈছে৷ তেনেদৰে কেৰালাত আক্রান্তৰ সংখ্যা ২৭৩জন৷ মুম্বাইতো অর্ধশতাধিক লোক এই ভাইৰাছটোত আক্রান্ত হৈছে৷ কর্ণাটক, অন্ধ্রপ্রদেশ, মহাৰাষ্ট্র, কেৰালা, তামিলনাডুত মে’ মাহৰ প্রাৰম্ভতে ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা লোক চিনাক্ত হৈছে৷ ইতিমধ্যে উল্লিখিত ৰাজ্যসমূহক চিকিৎসালয়ত বিছনা, অক্সিজেন সাজু কৰি ৰাখিবলৈ নির্দেশ দিয়াৰ পাছত দিল্লী, কেৰালা আৰু মুম্বাইতো স্বাস্থ্য বিভাগক চিকিৎসালয়ত বিছনা আৰু অক্সিজেন সাজু কৰি ৰাখিবলৈ নির্দেশ দিছে৷ সকলো চিকিৎসালয়ক এলার্ট হোৱাৰ নির্দেশ দিয়া হৈছে৷ মহাৰাষ্ট্রৰ মুম্বাইৰ উপৰি থানেকে ধৰি বিভিন্ন অঞ্চলত শেহতীয়াভাৱে ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই আছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ক’ভিড চিনাক্ত হোৱা ৰাজ্যসমূহক সজাগ আৰু সতর্কতা গ্রহণ কৰিবলৈ নির্দেশ দিছে৷