নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফ্রান্সত পুনৰ ক’ৰোনা ভাইৰাছৰ প্রকোপঃ পেৰিছৰ পৰা পলায়ন জনতাৰ

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ মহামাৰী ক’ভিড–১৯ সংক্রমণৰ দ্বিতীয়টো জোৱাৰ আৰম্ভ হৈছে ফ্রান্সত৷ ইউৰোপীয় দেশ ফ্রান্সত ক’ভিড–১৯ৰ প্রথম জোৱাৰত ১২ লক্ষাধিক লোক আক্রান্ত হোৱাৰ লগতে ৩৫ সহস্রাধিক লোকৰ প্রাণহানি হৈছিল৷ নিয়ন্ত্রিত ক’ভিড–১৯এ পুনৰ সংহাৰী ৰূপ লৈ এদিনতে সর্বাধিক ৫০ হাজাৰ লোক আক্রান্ত হোৱাত ফ্রান্সত পুনৰ লকডাউন আৰম্ভ হ’ল৷

৩০ অক্টোবৰৰ পৰা ১ ডিচেম্বৰলৈকে দ্বিতীয় পর্যায়ৰ লকডাউন ঘোষণা কৰাৰ লগে লগে দেশখনৰ ৰাজধানী পেৰিছত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ৰাজধানী চহৰখনৰ পৰা পলায়ন কৰা জনতাৰ সোঁত বৈছে বহিঃচহৰলৈ৷ ইয়াকে লৈ পেৰিছত অভাৱনীয় কাহানিও নেদেখা ৭০০ কিলোমিটাৰ দীঘলীয়া যান–জঁট সৃষ্টি হৈছে৷

পেৰিছ এৰিবলৈ বহিঃচহৰগামী লোকে কৰা হেতা–ওপৰাৰ ফলত যোৱা বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰা পেৰিছত যান–জঁটে হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰিছে৷ ৭০০ কিলোমিটাৰ দীঘলীয়া ট্রেফিক জামৰ (যান–জঁট) বাবে গাড়ীৰ ভিতৰতে ঘণ্টা ঘণ্টা ধৰি আবদ্ধ হৈছে যাত্রী৷ আনকি পথচাৰীসকলেও যান–জঁটৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ উল্লেখ্য যে প্রথম পর্যায়ত ক’ৰোনা ভাইৰাছে ফ্রান্সত সংহাৰী ৰূপ ল’লেও পিছলৈ নিয়ন্ত্রণ কৰিবলৈ সক্ষম হৈছিল৷

কিন্তু পুনৰ ক’ভিড–১৯ৰ সংক্রমণে সংহাৰী ৰূপ লোৱাত ৰাষ্ট্রপতি এমানুৱেল মেক্রই মানৱ স্বাস্থ্যৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি ৩০ অক্টোবৰৰ পৰা ১ ডিচেম্বৰলৈ নতুন নির্দেশনাৰে লকডাউন ঘোষণা কৰে৷ ৰাষ্ট্রপতিগৰাকীৰ এই ঘোষণাৰ পাছতেই পেৰিছ এৰি লোকসকলে আন চহৰলৈ যাবলৈ হেতা–ওপৰা লগায়৷ এই চহৰখনৰ পৰিস্থিতি অভাৱনীয় কৰি তোলে৷ ইপিনে ফ্রান্সৰ পাছত গ্রেট ব্রিটেইনেও দ্বিতীয় পর্যায়ৰ লকডাউন ঘোষণাৰ পৰিকল্পনা কৰিছে৷

You might also like