নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ সুস্থতাৰ হাৰত দেশৰ ভিতৰত দ্বিতীয় স্থানত অসম

২৪ ঘণ্টাৰ ভিতৰত বিমান–ৰে’লেৰে উভতি আহিলে কৰিব নালাগে টেষ্ট

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ ক’ৰোনা মহামাৰীৰ ক্ষেত্রত ৰাজ্যখনত পৰিস্থিতিৰ যথেষ্ট উন্নতি ঘটিছে৷ যোৱা ছেপ্টেম্বৰ মাহৰ শেষ ভাগত ৰাজ্যখনত সক্রিয় ৰোগীৰ সংখ্যা ৩৬ হাজাৰ থকাৰ বিপৰীতে এমাহৰ ভিতৰত ৩০ অক্টোবৰলৈকে এই সংখ্যা ১০,৪২১গৰাকীলৈ হ্রাস পাইছে৷ কালি বিয়লিলৈ এই সংখ্যা ১০ হাজাৰৰ তললৈ আহিব৷ ৰাজ্যখনত এতিয়া সুস্থতাৰ হাৰ ৯৫ শতাংশৰ আশে–পাশে৷

কালি দিছপুৰত আয়োজিত এখন সংবাদ মেলত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা ব্যক্ত কৰি কয় যে সুস্থতাৰ হাৰৰ ক্ষেত্রত অসম এতিয়া দেশৰ ভিতৰতে দ্বিতীয় স্থানত আছে৷ দুই–তিনি দিনৰ ভিতৰতে অসম প্রথম স্থানলৈ আহিব বুলিও তেওঁ আশা ব্যক্ত কৰে৷ অৱশ্যে একে সময়তে ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা আশাব্যঞ্জক হোৱা নাই বুলি উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে এতিয়াও নিতৌ ৬–৭গৰাকী লোকৰ ক’ৰোনাত মৃত্যু হৈ আছে৷ ইয়াৰ মূল কাৰণ হৈছে আক্রান্তসকল পলমকৈ চিকিৎসাধীন হোৱা৷

ইপিনে, ক’ভিড পৰীক্ষাৰ ক্ষেত্রত নতুনকৈ কিছু শিথিলতা অনা সম্পর্কতো সংবাদ মেলখনত তেওঁ প্রকাশ কৰে৷ এতিয়াৰে পৰা বহিঃৰাজ্যৰ পৰা ৰে’ল–বিমানযোগে অসমলৈ অহা লোকসকলে যদিহে আগমনৰ ৭২ ঘণ্টাৰ ভিতৰত এণ্টিজেন টেষ্ট কৰি আহে, তেতিয়াহ’লে তেওঁলোকে অসমত পুনৰ ক’ভিড টেষ্ট কৰাৰ প্রয়োজন নাই৷ সেইদৰে অসমৰ কোনো লোকে যদি ২৪ ঘণ্টাৰ বাবে বহিঃৰাজ্যলৈ গৈ উভতি আহে, তেতিয়াহ’লে তেওঁলোকেও ক’ভিড টেষ্ট বা কোৱাৰেণ্টাইন হ’ব নালাগে৷

একেদৰে ১০ বছৰৰ তলৰ শিশুৰ ক্ষেত্রতো ক’ভিড পৰীক্ষা বাধ্যতামূলক নহয় বুলি স্পষ্ট কৰি দি তেওঁ কয় যে পিতৃ–মাতৃয়ে ইচ্ছা নকৰিলে ১০ বছৰৰ তলৰ শিশুক টেষ্ট কৰিব নালাগে৷ আনহাতে, বিভিন্ন তদন্তৰ কামত অহা আয়কৰ, চিবিআই, এনফ’চমেণ্ট ডাইৰেক্টৰ, নেচনেল ছিকিউৰিটী এজেঞ্চীৰ লোকৰ লগতে ৱর্ল্ড বেংক, ইউনিচেফৰ প্রতিনিধি আদিকো অসমত ক’ভিড টেষ্টৰ আওতাৰ পৰা ৰেহাই দিয়া হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷

ইফালে, কালি ৰাজ্যখনত ক’ভিডত আক্রান্ত চাৰিগৰাকী লোকৰ মৃত্যু হৈছে৷ মন্ত্রী ড০ শর্মাই টুইটাৰযোগে জনোৱা অনুসৰি তেওঁলোক হৈছে– নগাঁৱৰ অৱনী গোস্বামী (৫৫), গোলাঘাটৰ চন্দ্রসিং নাহাক (৭০), ডিমা হাছাওৰ বিছহোটী চাংমা (৫০) আৰু বঙাইগাঁৱৰ হৰেন ৰায় (৭৫)৷ মন্ত্রী ড০ শর্মাই আটাইকেইগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷

You might also like