নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ ঘাতক ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংহাৰী ৰূপ অব্যাহত আছে৷ বিগত তিনি দিন ধৰি প্রতিদিনেই ডেৰ লক্ষাধিককৈ লোক আক্রান্ত হৈ আছে৷ আক্রান্তৰ তালিকাত বিশ্বৰ দ্বিতীয় স্থানত থকা ভাৰতত আক্রান্তৰ সমান্তৰালকৈ গণ টিকাকৰণ চলি আছে৷
দেশৰ কেইবাখনো ৰাজ্যই ক’ভিড–১৯ ভেকচিনৰ নাটনি হোৱা বুলি অভিযোগ কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰি থকাৰ সময়তে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে এই অভিযোগ নস্যাৎ কৰিছে৷
কেন্দ্রীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে এখন সংবাদ মেলযোগে ক’ভিড–১৯ ভেকচিনৰ নাটনি এটা সমস্যা নহয়৷ কিন্তু ৰাজ্যসমূহৰ দ্বাৰা ভেকচিনৰ ব্যৱস্থাপনাত গাফিলতিহে এক সমস্যা৷ সৰু ৰাজ্যসমূহে ৮–৯ দিনৰ বাবে ক’ভিড ভেকচিন লাভ কৰাৰ বিপৰীতে ডাঙৰ ৰাজ্যসমূহে ৫ দিনৰ ভিতৰতে ভেকচিন লাভ কৰে বুলি কেন্দ্রীয় সচিবগৰাকীয়ে উল্লেখ কৰে৷
তেওঁ পুনৰ কয় যে দেশৰ ৰাজ্যসমূহে লাভ কৰা ক’ভিড ভেকচিনৰ পৰিমাণ ১৩.১০ কোটি৷ ইয়াৰে ভিতৰত কেইবাখনো ৰাজ্যই নষ্ট কৰা ভেকচিনো সংযুক্ত হৈ আছে৷ সম্প্রতি দেশত ১.৬৭ কোটি ভেকচিন ড’জ উপলব্ধ হৈ থকাৰ বিপৰীতে শীঘ্রেই ৰাজ্যসমূহে লাভ কৰিব ২.০১ কোটি ড’জ৷ আজি পুৱা ৮ বজালৈকে দেশজুৰি টিকাকৰণৰ মুঠ সংখ্যা ১০.৮৫ কোটি ড’জ৷ বিগত ২৪ ঘণ্টাত ৪০ লাখতকৈ অধিক ড’জ প্রদান কৰা হৈছে৷
স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা মতে ভাৰতত সম্প্রতি আৰোগ্য হৈ উঠা লোকৰ হাৰ ৮৯.৫১ শতাংশ, মৃতকৰ হাৰ ১.২৫ শতাংশ আৰু সক্রিয় হৈ থকা ৰোগীৰ শতাংশ ৯.২৪৷ আনপিনে মহাৰাষ্ট্রৰ পিছত দেশৰ ৰাজধানী নতুন দিল্লীত প্রতিদিনে আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি হৈ আছে৷ যোৱা ২৪ ঘণ্টাত অনাকাংক্ষিত অভিলেখেৰে এদিনত সর্বাধিক ১৩,৫০০ লোক নতুনকৈ আক্রান্ত হৈছে৷
উল্লেখ্য যে বিগত বর্ষৰ নৱেম্বৰ মাহত এদিনত সর্বাধিক ৮,৫০০ আক্রান্ত হৈছিল নতুন দিল্লীত৷ এই তথ্যৰ আধাৰত এই কথা স্পষ্ট হৈ পৰিছে যে ৰাজধানী দিল্লীত ক’ভিড–১৯ৰ চতুর্থ জোৱাৰে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে ইতিমধ্যে সদৰী কৰা মতে দেশৰ আন প্রান্তত ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰ চলি আছে যদিও ৰাজধানী চহৰখনত চতুর্থ জোৱাৰ চলি আছে৷ নৈশ সান্ধ্য আইন বলৱৎ হৈ থকা ৰাজধানী চহৰখনত সংক্রমণৰ বর্ধিত মাত্রাৰ প্রতি লক্ষ্য ৰাখি মুখ্যমন্ত্রী কেজৰিৱালে মে’ মাহত অনুষ্ঠিত হ’বলগীয়া চি বি এছ ইৰ পৰীক্ষাসমূহ বাতিল কৰাৰ বাবে কেন্দ্রীয় চৰকাৰক আহ্বান জনাইছে৷
মুখ্যমন্ত্রীগৰাকীয়ে প্রকাশ মতে চি বি এছ ইৰ পৰীক্ষাত ৬ লাখ শিক্ষার্থীয়ে অৱতীর্ণ হোৱাৰ বিপৰীতে এক লাখ শিক্ষকে দায়িত্ব পালন কৰিব৷ যি হাৰত ক’ৰোনাৰ সংক্রমণ বৃদ্ধি পাইছে তেনেক্ষেত্রত অফলাইন কিম্বা শাৰীৰিকভাৱে পৰীক্ষাত অৱতীর্ণ হোৱাটো উচিত নহ’ব৷ ইয়াৰ বিপৰীতে অনলাইন পৰীক্ষা তথা আভ্যন্তৰীণ সমীক্ষাৰে শিক্ষার্থীসকলক উত্তীর্ণ কৰোৱাত গুৰুত্ব দিব লাগে৷ ক’ভিডত সর্বাধিক ক্ষতিগ্রস্ত হোৱা মহাৰাষ্ট্রৰ বলীউড জগতৰ অনেক ৰথী–মহাৰথী ইতিমধ্যে ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ক’ভিড–১৯ত আক্রান্ত হৈ আজি অভিনেতা বীৰা সাথিদাৰৰ মৃত্যু ঘটিছে৷ ২০১৫ চনত ৰাষ্ট্রীয় চলচ্চিত্র বঁটাত শ্রেষ্ঠ ছবিৰ সন্মান পোৱা ‘ক’ট’ৰ অভিনেতা বীৰা সাথিদাৰৰ কালি পুৱা নাগপুৰৰ চিকিৎসালয়ত মৃত্যু ঘটে৷
আনহাতে উত্তৰাখণ্ডৰ হৰিদ্বাৰত অনুষ্ঠিত হৈ থকা কুম্ভমেলাত ভক্তৰ মাজত ক’ভিড–১৯–এ শংকাৰ পৰিৱেশ সৃষ্টি কৰিছে৷ গংগাত স্নান কৰিবলৈ সমৱেত হোৱা লক্ষ লক্ষ ভক্তৰ মাজত ক’ভিড–১৯ৰ আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ ক’ভিড পজিটিভৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত উদ্বিগ্ন চৰকাৰখনে ভক্তসকলক ক’ভিড–১৯ প্রট’কল কঠোৰভাৱে মানি চলিবলৈ নির্দেশ দিছে৷