নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত ভয়াৱহ ৰূপ লৈছে ক’ভিডে

নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ ক’ৰোনাৰ দ্বিতীয়টো ঢৌৱে ক্রমাৎ অসমৰ পৰিস্থিতি জটিল কৰি তুলিছে৷ বহিঃৰাজ্যৰ পৰা অহা লোকৰ জৰিয়তে সংক্রমণ বৃদ্ধি হোৱাৰ ফলত ব’হাগ বিহুৰ প্রাক্ক্ষণত জনসাধাৰণ আতংকিত হোৱাই নহয়, সংক্রমণ বৃদ্ধিৰ সম্ভাৱনাই স্বাস্থ্য বিভাগক উদ্বিগ্ন কৰি তুলিছে৷

উল্লেখ্য যে শনিবাৰে ৰাজ্যত ক’ৰোনা আক্রান্তৰ সংখ্যা আছিল ৪০৫গৰাকী, দেওবাৰে এই সংখ্যা ৩৫২গৰাকী হোৱাৰ বিপৰীতে সোমবাৰে আক্রান্তৰ সংখ্যাই ৫০০ৰ ঘৰ অতিক্রম কৰে৷ কালিৰ দিনটোত ৫৮৩গৰাকী আক্রান্ত হয়৷ ইয়াৰে গুৱাহাটী মহানগৰীৰ ১৯৩গৰাকী, ডিব্রুগড়ত ৪৩গৰাকী, কামৰূপত ৪৮গৰাকী আৰু নগাঁৱত ২৯গৰাকী আক্রান্ত হৈছে৷

আনহাতে, মঙলবাৰে ডিব্রুগড়ত আক্রান্তৰ সংখ্যা ৬২গৰাকী, যোৰহাটত ১৮গৰাকী, গোলাঘাটত ৮গৰাকী, চাবুৱাত ৩গৰাকী, শিৱসাগৰত দুগৰাকী আৰু দুলীয়াজানত ৮গৰাকী ক’ৰোনাত আক্রান্ত হৈছে৷ ৰাজ্যত সংক্রমণ বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে বহিঃৰাজ্যৰ পৰা অহা বিমান যাত্রীৰ ক্ষেত্রত নতুন এছ’পি জাৰি কৰিছে৷ সেই অনুসৰি অসমলৈ অহা প্রতিগৰাকী যাত্রীক বিমানবন্দৰত ৰেপিড এণ্টিজেন টেষ্ট কৰোৱা হ’ব৷ এই পৰীক্ষাত কোনো যাত্রী যদি পজিটিভ চিনাক্ত হয়, তেন্তে চিকিৎসাধীন হ’ব লাগিব৷

আনহাতে, এণ্টিজেনৰ ফলাফল নিগেটিভ হ’লে সেই যাত্রী পুনৰ আৰটিপিচিআৰ টেষ্ট কৰা হ’ব৷ আৰটিপিচিআৰ টেষ্টৰ বাবে নমুনা সংগ্রহ কৰাৰ পিছত যাত্রীজন ফলাফল নহালৈ নিজকে কোৱাৰেণ্টাইন কৰি ৰাখিব লাগিব৷

উল্লেখ্য যে ৰাজ্য চৰকাৰে ক’ৰোনাৰ সংক্রমণ ৰোধ কৰাৰ বাবে পৰীক্ষা আৰু ভেকচিনৰ ক্ষেত্রত সর্বাধিক গুৰুত্ব দিছে৷ যোৱা সোমবাৰৰ পৰা প্রতিদিনে এক লাখকৈ লোকক ক’ৰোনা পৰীক্ষা কৰি থকা হৈছে৷

আনহাতে, ৰাজ্যত ক’ৰোনাৰ ভেকচিন নাটনি হোৱা বিষয়টোক লৈ চলি থকা চর্চাৰ মাজতে স্বাস্থ্য বিভাগে প্রকাশ কৰা অনুসৰি অচিৰেই অসমলৈ ১৯ লাখ ভেকচিন অনাৰ বাবে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়লৈ পত্র প্রেৰণ কৰা হৈছে৷ আহিব লগা ১৯ লাখ ভেকচিনৰ ভিতৰত ১৮ লাখ ক’ভিশ্বিল্ড আৰু এক লাখ হ’ব ক’ভাক্সিন ভেকচিন৷ ভেকচিন প্রদানৰ ক্ষেত্রত ৰাজ্য চৰকাৰে ৪৫ বছৰৰ ঊর্ধ্বৰ ব্যক্তিসকলকহে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে যদিও ভেকচিন প্রদানৰ কেন্দ্র বৃদ্ধিৰ বাবে শেহতীয়াকৈ দাবী উত্থাপন হৈছে৷

অৱশ্যে স্বাস্থ্য বিভাগে খৰখেদাকৈ ভেকচিন প্রদানৰ কেন্দ্র বৃদ্ধি কৰিব বিচৰা নাই৷ বর্তমানলৈকে ৰাজ্যত প্রায় ৬০ লাখ লোকক ভেকচিন প্রদান কৰা হৈছে৷ ইয়াৰে ভিতৰত চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলো আছে৷

You might also like