ভেকচিন নহয়, মলমেৰে প্ৰতিৰোধ কৰিব পাৰে ক’ৰোনা !
নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ ক’ৰোনা সন্ত্ৰাসৰ মাজতেই সকলোৰে বাবে আশাৰ চাকি লৈ আহে ক’ৰোনাৰ ঔষধ সম্পৰ্কীয় যিকোনো তথ্য। বিশ্বৰ বিভিন্ন দেশত ক’ৰোনা ভাইৰাছৰ ভেকচিনৰ নিৰ্মাণৰ বাবে ব্যাপক গৱেষণা তথা ট্ৰায়েল চলি আছে। আমাৰ দেশ ভাৰততো তিনিটা ভেকচিনৰ ট্ৰায়েল চলি আছে।
কিন্তু তাৰ মাজতে এটা ভাল খবৰ। ভেকচিন নহয় এটা মলমেৰে শেষ হ’ব পাৰে মহামাৰী ক’ৰোনা। শেহতীয়াকৈ হোৱা এক গৱেষণাত পোহৰলৈ আহিছে এই তথ্য। এদল মাৰ্কিন বিজ্ঞানীয়ে তেওঁলোকৰ গৱেষণাত মলমৰ কাৰ্যকৰীতাক দাবী তুলিছে। আমেৰিকাৰ Massachusetts Institute of Technology (MIT) বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকেল আৱিস্কাৰ কৰিছে APT-T3X মলম। এই মলমেৰে মহামাৰী ক’ৰোনা প্ৰতিৰোধ কৰিব পৰা যাব বুলি দাবী কৰিছে বিজ্ঞানী সকলে ।
মাৰ্কিন বিজ্ঞানী সকলৰ দাবী যদি শুদ্ধ হয়, তেতিয়া এটা মলমেৰে ক’ৰোনা প্ৰতিৰোধ কৰিব পৰা যাব।