নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্ধু পতাই ‘অপৰাধ’! জোতাৰ মালা পিন্ধাই, মুণ্ডন কৰি ঘূৰোৱা হ’ল মহিলাক

নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ এক গাৰ নোম শিয়ৰি যোৱা ঘটনা! মুখত কলা ছাই, ডিঙিত জোতাৰ মালাৰ লগতে মুণ্ডন কৰিছে এজন দিব্যাংগ পুৰুষ আৰু এগৰাকী মহিলাক। অপৰাধ এটাই তেওঁলোকৰ মাজত বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিছিল। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত কন্নৌজত।

স্থানীয় আৰক্ষীয়ে জানিব দিয়া মতে ৩৮ বৰ্ষীয়া মহিলা গৰাকীৰ স্বামীৰ কেইবামাহৰ পূৰ্বে মৃত্যু হৈছিল। সেই সময়ত বিশেষ ভাৱে সক্ষম হোৱা স্বতেও মহিলা গৰাকীক সহায় কৰিছিল ব্যক্তি জনে । কিন্তু সমস্যাটো তাতেই , মহিলা গৰাকীৰ পৰিয়ালৰ লোকে তেওঁলোকৰ বন্ধুত্ব স্বীকাৰ কৰা নাছিল। যাৰ পৰিপেক্ষিতত মহিলা গৰাকী আৰু বন্ধু জনক মুখত কলা ছাই, ডিঙিত জোতাৰ মালাৰ লগতে মুণ্ডন কৰি গাওঁখনত ঘূৰোৱা হৈছিল । সেই ঘটনাটো সংঘটিত হোৱাৰ সময়ত স্থানীয় লোকে বাধা দিয়াৰ পৰিৱৰ্তে ভিডিঅ’ কৰাত হে ব্যস্ত আছিল।

ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰিছে। আনহাতে এজাহাৰত উল্লেখ থকা ৬ জন লোকক এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই।

You might also like