নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণ্ডপৰ পৰা দৰাক অপহৰণ নৃত্যশিল্পীৰ

🔹 বিহাৰৰ গোপালগঞ্জৰ বিবাহ অনুষ্ঠানত চাঞ্চল্যকৰ ঘটনা

নিউজ ডেস্ক, ২৬ মে’ : নিয়ম অনুসৰি সম্পন্ন হৈছিল বিয়া৷ ওচৰা–উচৰিকৈ বহি আছিল দৰা–কইনা৷ তেওঁলোকক ঘেৰি ধৰিছিল দৰা আৰু কইনাপক্ষৰ একাংশ যুৱক–যুৱতীয়ে৷ হঠাতেই যেন ছন্দপতন৷ বন্ধ হ’ল গান–বাজনা৷ উপস্থিত লোকসকলে কিবা বুজি উঠাৰ আগতেই আৰম্ভ হ’ল তীব্র মাৰপিট৷ আৰু ইয়াৰ মাজতে দৰাক মণ্ডপৰ পৰা উঠাই লৈ গ’ল কিছু সময় পূর্বলৈকে গানৰ তালে তালে নাচি থকা একাংশই৷ অসহায় কইনা হৈ পৰে কিংকর্তব্যবিমূঢ়৷ হঠাতে বিয়া ঘৰত আৰম্ভ হয় চিৎকাৰ আৰু হুলস্থূল৷ ঘটনাস্থল বিহাৰৰ গোপালগঞ্জ জিলাৰ ডিঘৱা দুবৌলি গাঁও৷ অভিযোগ অনুসৰি, পাৰিশ্রমিক নোপোৱা বাবে দৰাপক্ষৰ সৈতে অহা নৃত্যশিল্পীৰ দলে দৰাক অপহৰণ কৰে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি শুকুৰবাৰে নিশা সংঘটিত হৈছে এই ঘটনা৷ অপহূত দৰাৰ নাম সোণ কুমাৰ শর্মা৷ নিশা বিয়াৰ মণ্ডপৰ পৰা সোণ কুমাৰ শর্মাক তুলি লৈ যায় ভাৰাতীয়া নৃত্যশিল্পীসকলে৷ পৰিয়ালৰ অভিযোগ অনুসৰি ইয়াৰ পূর্বে শিল্পী দলটোৱে বিয়া ঘৰত চকী–মেজ আদি বিভিন্ন সামগ্রী ভাঙি থৈ যায়৷ আনকি কইনাপক্ষৰ কেইবাজনকো প্রহাৰ কৰে৷ লক্ষণীয়ভাৱে একাংশই কইনাকো প্রহাৰ কৰা বুলি অভিযোগ অনা হৈছে৷ ইফালে, উপস্থিত অতিথিসকলৰ পৰা অলংকাৰো কাঢ়ি নিয়ে এই শিল্পীৰূপী দুর্বৃত্তৰ দলটোৱে৷ অৱশ্যে আৰক্ষীয়ে দুঘণ্টা ধৰি তালাচী চলোৱাৰ পিছত অপহূত দৰাক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ পৰহি ছিৱান জিলাৰ এক নির্জন স্থানৰ পৰা অপহূত সোণ কুমাৰ শর্মাক উদ্ধাৰ কৰে আৰক্ষীয়ে৷ ইতিমধ্যে এই ঘটনা সন্দর্ভত কেইবাজনকো গ্রেপ্তাৰ কৰা হৈছে৷

You might also like