মিছাইল–যুদ্ধবিমান– ১০১বিধ যুদ্ধ সৰঞ্জামৰ আমদানি নিষিদ্ধ ঘোষণা কেন্দ্রৰ
নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ ঘৰুৱাভাৱে যুদ্ধ সৰঞ্জাম নির্মাণেৰে দেশক আত্মনির্ভৰশীল কৰাৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰে দৃঢ় পদক্ষেপ গ্রহণ কৰিছে৷ প্রতিৰক্ষা দপ্তৰতো আত্মনির্ভৰশীল ভাৰত অভিযানৰ আঁচনি আৰম্ভ কৰি কেন্দ্রই দেওবাৰে ১০১বিধ যুদ্ধ সামগ্রীৰ আমদানি নিষিদ্ধ কৰিছে৷ প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে ঘোষণা কৰে যে ২০২০ চনৰ পৰা ২০২৪ চনৰ ভিতৰত এই নির্দিষ্ট যুদ্ধ সৰঞ্জামৰ আমদানি সম্পূর্ণ বন্ধ কৰা হ’ব৷ ইতিমধ্যে বিদেশৰ পৰা ক্রয়ৰ বাবে চুক্তি সম্পন্ন সামগ্রীহে প্রতিৰক্ষা বিভাগে আমদানি কৰিব পাৰিব৷ তেওঁ লগতে কয় যে পৰৱর্তী সময়ত অধিক যুদ্ধ সৰঞ্জামৰ ক্ষেত্রতো অনুৰূপ ব্যৱস্থা গ্রহণৰ চিন্তা–চর্চা চলি আছে৷ আমদানি সম্পূর্ণৰূপে বন্ধ কৰিবলগীয়া যুদ্ধ সৰঞ্জামসমূহৰ ভিতৰত আছে কামান, মিছাইল, লাইট কম্বেট হেলিকপ্ঢাৰ, লাইট ট্রেন্সপ’ট এয়াৰক্রাফ্ট, মিছাইল ডেষ্ট্রয়াৰ, শ্বিপ ব’ন ক্রুজ মিছাইল, লংৰেঞ্জ লেণ্ড এটেক ক্রুজ মিছাইল, কমিউনিকেচন ছেটেলাইট, বেছিক ট্রেইনাৰ এয়াৰক্রাফ্ট, মাল্টি বেৰেল ৰকেট লঞ্চাৰ, বিভিন্ন প্রকাৰৰ ৰাডাৰ, এছ’ল্ট ৰাইফল, স্নাহপাৰ ৰাইফল, মিনি ইউএভি আৰু বিভিন্ন ধৰণৰ গুলী–বাৰুদ৷ এই তালিকা প্রতি বছৰে পর্যালোচনা কৰি অধিক যুদ্ধ সৰঞ্জাম অন্তর্ভুক্ত কৰা হ’ব বুলি জানিবলৈ দি প্রতিৰক্ষা মন্ত্রী সিঙে কয় যে ২০১৫ চনৰ পৰা ২০২০ চনৰ ভিতৰত ট্রাই ছার্ভিচেজক ৩.৫ লাখ কোটি টকাৰ ঠিকা দিয়া হৈছিল যুদ্ধ সৰঞ্জাম আমদানিৰ বাবে৷ সেয়ে অহা ৬–৭ বছৰত থলুৱা উৎপাদনকাৰীক প্রায় ৪ লাখ কোটি টকাৰ ঠিকা দিয়াটো সম্ভৱ হ’ব বুলি তেওঁ আশা প্রকাশ কৰে৷ থলুৱাভাৱে যুদ্ধ সৰঞ্জাম প্রস্তুত কৰিবলৈ যাতে কেন্দ্রীয় উৎপাদনকাৰী কোম্পানীসমূহ সাজু হ’ব পাৰে, তাৰ ববে আগতীয়াকৈ কেন্দ্রই এই ঘোষণা কৰা বুলি প্রতিৰক্ষা মন্ত্রীজনে জানিবলৈ দিয়ে৷ প্রতিৰক্ষা মন্ত্রালয়ে ডিপার্টমেণ্ট অৱ মিলিটাৰী এফেয়ার্ছৰ (ডি এম এ) সৈতে আলোচনা কৰি এই তালিকা প্রস্তুত কৰিছে৷ ডি এম এৰ মুৰব্বীৰ দায়িত্বত আছে চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱাট৷ তদুপৰি প্রতিৰক্ষা সামগ্রী উৎপাদনৰ সৈতে জড়িত উদ্যোগখণ্ডৰ অগ্রণী প্রতিষ্ঠানৰ সৈতে আলোচনা কৰা হয়, যাতে থলুৱা উৎপাদন ক্ষমতাৰ এক আভাস ল’ব পাৰি৷ লক্ষণীয়ভাৱে দেশৰ সামৰিক সৰঞ্জামৰ মুঠ চাহিদাৰ ৬০–৬৫ শতাংশই বিদেশৰ পৰা আমদানি কৰা হয়৷ যোৱা দশকত প্রতিৰক্ষা বাহিনীৰ অস্ত্রৰ প্রয়োজনীয়তা পূৰণৰ বাবে ভাৰতে কেইবাবিলিয়ন ডলাৰৰ চুক্তি কৰিছিল বিদেশী উৎপাদনকাৰী প্রতিষ্ঠানৰ সৈতে৷ আমেৰিকা আৰু চীনৰ পাছতে ভাৰত হ’ল প্রতিৰক্ষা সৰঞ্জামত সর্বাধিক ব্যয় কৰা দেশ৷ চলিত বছৰৰে এপ্রিলত ষ্টকহোম ইণ্টাৰনেচনেল পীচ ৰিছার্চ ইনষ্টিটিউটে এই তথ্য প্রকাশ কৰিছিল৷ প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে কয় যে ভাৰতীয় প্রতিৰক্ষা উদ্যোগে এতিয়া নিজা ডিজাইন আৰু নির্মাণ ক্ষমতাৰে যুদ্ধ সৰঞ্জাম উৎপাদনৰ সুযোগ লাভ কৰিব৷ তদুপৰি থলুৱা উৎপাদনকাৰীসকলে ডিফেন্স ৰিছার্চ এণ্ড ডেভেলপমেণ্ট অর্গেনাইজেচনৰ (ডি আৰ ডি অ’) ডিজাইন আৰু নির্মাণ কৌশলো অৱলম্বন কৰিব পাৰিব৷ প্রতিৰক্ষা মন্ত্রালয়ে ২০২০–২১ চনৰ পুঁজি আহৰণ বাজেটক দুটা ভাগত বিভক্ত কৰিছে৷ ইয়াৰে এটা হ’ল ঘৰুৱা পুঁজি আৰু আনটো বিদেশী পুঁজি আহৰণ ব্যৱস্থা৷ ৫২ হাজাৰ কোটি থকাৰ বাজেটেৰে এইবাৰ ঘৰুৱা পুঁজি আহৰণৰ নতুন বাজেট শিতান গঠন কৰা হৈছে৷ ইয়াৰ লগতে প্রত্যক্ষ বৈদেশিক বিনিয়োগৰ জৰিয়তে থলুৱাভাৱে যুদ্ধ সৰঞ্জাম নির্মাণেৰে প্রতিৰক্ষা খণ্ডত আত্মনির্ভৰশীলতাৰ ক্ষেত্রত ভাৰতে যথেষ্ট অগ্রগতি লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।