নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষি আন্তঃগাঁথনিলৈ ১ লাখ কোটি প্রধানমন্ত্রীৰঃ দুগুণ উপার্জনেৰে উদ্যোগী হোৱাৰ পথত দেশৰ কৃষকঃ মোদী

নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ   প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেওবাৰে কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ১ লাখ কোটি টকাৰ ঋণ সুবিধা আঁচনি ঘোষণা কৰে৷ দেশৰ কৃষি আন্তঃগাঁথনি উন্নয়নৰ এই বৃহৎ পদক্ষেপৰ লগতে প্রধানমন্ত্রী মোদীয়ে ৮.৫৫ কোটি কৃষকলৈ ষষ্ঠ কিস্তিৰ সাহায্যৰ ধনো মুকলি কৰে৷ ক’ৰোনা ভাইৰাছে জটিল অর্থনৈতিক পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে প্রধানমন্ত্রীয়ে কৃষিখণ্ড আৰু কৃষকৰ লগতে গ্রাম্য অর্থনীতিক ৰক্ষণাবেক্ষণ দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি পুঁজি মোকলাই দিছে৷ দুহেজাৰ টকাকৈ ৮.৫৫ কোটি কৃষকৰ বেংক একাউণ্টত মুঠ ১৭,১০০ কোটি টকা জমা দিয়াৰ প্রক্রিয়া আৰম্ভ হৈছে৷ প্রধানমন্ত্রী কিষাণ আঁচনিৰ অধীনত ২০১৮ চনত কৃষকক সাহায্য প্রদানৰ এই আঁচনি গ্রহণ কৰা হৈছিল৷ ইয়াৰ জৰিয়তে প্রতিজন কৃষকে বছৰি ৬ হাজাৰ টকা সাহায্য লাভ কৰি আহিছে৷ আনহাতে, ১ লাখ কোটি টকাৰ ঋণ সুবিধা আঁচনি মুকলি উপলক্ষে আয়োজিত এক অনুষ্ঠানত ভিডিঅ’ কনফাৰেঞ্চিংযোগে প্রধানমন্ত্রীয়ে মোদীয়ে কয়–‘কৃষকসকল এতিয়া উদ্যোগী হোৱাৰ পথত আগবাঢ়িছে৷ উৎপাদন দুগুণ কৰাটোৱেই তেওঁলোকৰ লক্ষ্য৷’ এই আঁচনিৰ অধীনত কৃষিখণ্ডৰে জড়িত উদ্যোগী, কৃষকৰ আত্মসাহয়ক গোট, এগ্রী–টেক প্রতিষ্ঠান, ষ্টার্টআপ আদি উপকৃত হ’ব৷ ইয়াৰ জৰিয়তে চৰকাৰে তেওঁলোকক সহজ ঋণ প্রদানৰ ব্যৱস্থা কৰিছে৷ তদুপৰি ফচল কটাৰ পাছত প্রয়োজন হোৱা ব্যৱস্থাপনা আৰু পামত প্রতিপালনৰ ক্ষেত্রতো এই ঋণ প্রদান কৰা হ’ব৷ শীতলীকৃত ভঁৰাল, ফচল সংগ্রহ কেন্দ্র আৰু প্রছেছিং ইউনিটৰ বাবেও এই ঋণ প্রদান কৰা হ’ব৷ চলিত মাহৰ পৰাই এই আঁচনি আৰম্ভ কৰা হ’ব৷ ইতিমধ্যে ইয়াৰ অধীনত ২,২৮০ কৃষক সমিতিক এহেজাৰ কোটি টকাৰ ঋণ মঞ্জুৰ কৰা হৈছে৷ এই পুঁজিৰ অধীনত ঋণ গ্রহণ কৰোঁতাই বেংকক দিব লগা সুদৰ ৩ শতাংশ ধন চৰকাৰে আদায় দিব৷ চাৰি বছৰত এই পুঁজিৰ পৰা ঋণ প্রদানৰ প্রক্রিয়া সম্পূর্ণ কৰা হ’ব৷ চলিত বছৰত ১০ হাজাৰ কোটি আৰু পৰৱর্তী তিনি বছৰত ৩০ হাজাৰ কোটি টকাকৈ ঋণ প্রদান কৰা হ’ব৷ আনহাতে, ছমাহৰ পৰা দুবছৰলৈ কিস্তি আদায়ৰ পৰা ঋণ লওঁতাক ৰেহাইৰ ব্যৱস্থাও থাকিব৷ সেইদৰে যোগ্য ঋণ লওঁতাক ২ কোটি টকাৰ ঋণ পর্যন্ত দিয়া হ’ব ক্রেডিট গেৰাণ্ঢী৷ ইতিমধ্যে ১১টা ৰাজহুৱা খণ্ডৰ বেংকে ঋণ প্রদানৰ বাবে চৰকাৰৰ সৈতে চুক্তি কৰিছে৷ উল্লেখ্য যে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে দেশৰ লক্ষাধিক কৃষকে  এই অনুষ্ঠানত অংশগ্রহণ কৰে৷ প্রধানমন্ত্রী মোদীয়ে তেওঁলোকক সম্বোধন কৰি কয় যে দেশত পণ্যাগাৰ, ক’ল্ড চেইন আৰু ফুড প্রছেছিঙৰ যোগেদি ফচল ব্যৱস্থাপনাৰ যথেষ্ট সম্ভাৱনা আছে, য’ত বিনিয়োগৰ সুবিধাও পর্যাপ্ত৷ জৈৱিক খাদ্যৰ ক্ষেত্রতো ভাৰতে বিশ্বত আগস্থান ল’ব পাৰে বুলি প্রধানমন্ত্রীয়ে কয়৷ মোদীয়ে কয় যে এই আঁচনিয়ে কৃষিখণ্ডৰ ষ্টার্টআপসমূহকো উৎসাহিত কৰিব আৰু ইয়াৰ ফলত দেশৰ সকলো প্রান্তৰ কৃষক সমাজ উপকৃত হ’ব৷ স্মর্তব্য যে ক’ৰোনা ভাইৰাছৰ সংক্রমণ আৰু লকডাউনৰ পৰিপ্রেক্ষিতত স্থবিৰতা নামি অহা দেশৰ অর্থনীতিক পুনৰুজ্জীৱিত কৰিবলৈ কেন্দ্রই ঘোষণা কৰা ২০ লাখ কোটিৰ আঁচনিত কৃষিখণ্ডয়ো বিশেষ গুৰুত্ব লাভ কৰিছিল৷

You might also like