🔹 দেশত ক’ভিডৰ ভয়াৱহ ৰূপ
🔹 ৭জনৰ মৃত্যু, ৩,০০০লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা
নিউজ ডেস্ক, ১ জুন : দেশত ক’ভিড–১৯ত সংক্রমণৰ সংখ্যা বৃদ্ধি পাই আছে৷ এসপ্তাহতে দেশজুৰি ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা এহেজাৰজন বৃদ্ধি পোৱাত বর্তমান দেশত সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ৩,০০০লৈ বৃদ্ধি পাইছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য মতে, ক’ভিডৰ সংক্রমণত এতিয়ালৈকে সাতজনৰ মৃত্যু ঘটিছে৷ আক্রান্ত ৰোগীৰ ভিতৰত সর্বাধিক ১,১৪৭জন কেৰালাৰ৷ ইয়াৰ পাছতে মহাৰাষ্ট্রত ৪২৪, নতুন দিল্লীত ২৯৪, গুজৰাটত ২২৩, কর্ণাটক আৰু তামিলনাডুত উভয়তে ১৪৮ আৰু পশ্চিমবংগত ১১৬জন ক’ভিড ৰোগী আছে৷ বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ সাতজনৰ প্রাণহানি হৈছে৷ অর্থাৎ বর্ষটোত এই লৈ ক’ভিডত আক্রান্ত হৈ প্রাণ হেৰুওৱা লোকৰ সংখ্যা ২২লৈ বৃদ্ধি পালে৷ ২৪ ঘণ্টাত প্রাণ হেৰুওৱা সাতজনৰ ভিতৰত মহাৰাষ্ট্রৰ দুজন, দিল্লী, গুজৰাট, কর্ণাটক, পঞ্জাব আৰু তামিলনাডুত এজনকৈ লোকৰ মৃত্যু ঘটিছে৷ বর্তমানৰ ক’ভিডৰ জোৱাৰত নতুন দিল্লীত প্রথমজন লোকৰ মৃত্যু ঘটিছে৷ স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা মতে, ক’ভিডত আক্রান্ত ৰোগীৰ স্বাস্থ্য মৃদু যদিও ২৪ ঘণ্টাত সাতজনৰ প্রাণহানিয়ে উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ভাৰতত ক’ভিড–১৯ত নতুনকৈ আক্রান্ত ৰোগীসকলৰ দেহত দুটা নতুন অ’মিক্রনৰ উপ–প্রকৰণ এলএফ–৭ আৰু এনবি.১.৮.১ ধৰা পৰিছে৷