নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪বিধ ঔষধ নিষিদ্ধ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ

📌 মানৱ শৰীৰৰ বাবে বিপজ্জনক
📌 তালিকাত পেৰাচিটামল–নিমেচুলাইডো

বিশেষ বাৰ্তা, ৪ জুনঃ মানৱ শৰীৰৰ বাবে বিপজ্জনক ১৪ বিধ ঔষধ নিষিদ্ধ কৰিলে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে৷ কাহ–জ্বৰ আদিৰ উপশমত ব্যৱহাৰ হোৱা নিমোচুলাইড, পেৰাচিটামলৰ দৰে বিচ্ছুৰণযোগ্য টেবলেট আৰু ক্ল’ফিনিৰামাইন মালেড, ক’ডিন ছিৰাপকে ধৰি কেইবাবিধো দৰবে মানৱ শৰীৰত ক্ষতি কৰাৰ সম্ভাৱনাই দেখা দিয়া হেতুকে স্বাস্থ্য মন্ত্রালয়ে এক নির্দেশযোগে এনেধৰণৰ ১৪বিধ ঔষধ নিষিদ্ধ কৰে৷ এনে ঔষধবোৰৰ ভিতৰত আছে ফলকোডিন–প্রোমেথাজি, এম’ক্সিচিলিন, ব্রোমেক্সিন ডেক্সট্রোমেথাৰফেন, এমনিয়াম ক্ল’ৰাইড, মেন্থল, পেৰাচিটামল, ব্রোমহেক্সিন, ফেনাইললেফ্রাইন, ক্লৰ’ফেনিৰামাইন, গুয়াইফেনেচিন, চেলবুটামুল, ব্রোমেক্সিন আদি৷ স্বাস্থ্য মন্ত্রালয়ৰ এক বিশেষ কমিটীয়ে বিষয়টো পৰীক্ষা কৰাৰ অন্তত ১৯৪০ চনৰ ঔষধ আৰু প্রসাধন আইনৰ ধাৰা ২৬–এৰ অধীনত এই ঔষধবোৰৰ উৎপাদন, বিক্রী বা বিতৰণ নিষিদ্ধ কৰাৰ পৰামর্শ দিয়ে৷ উক্ত পৰামর্শৰ ভিত্তিতেই কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ১৪বিধ ঔষধ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লয়৷ স্বাস্থ্য মন্ত্রালয়ে নির্দেশটোত ইয়াকো স্পষ্ট কৰিছে যে এই দৰববোৰ ব্যৱহাৰৰ ক্ষেত্রত যাতে চিকিৎসকসকল সাৱধান হয় আৰু কোনো কাৰণতে ৰোগীক এনে ঔষধ ব্যৱহাৰৰ পৰামর্শ নিদিয়ে৷

You might also like