বিশেষ বাৰ্তা, ১৬ জানুৱাৰী : শচীন-বিৰাট কোহলিৰ পিছত ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানলৈ নিমন্ত্ৰণ লাভ কৰিলে এম এছ ধোনীয়ে। মাহীৰ ৰাঁচীৰ ঘৰলৈ গৈ আৰ এছ এছৰ সহকাৰী ৰাজ্যিক সম্পাদক ধনঞ্জয় সিং, ঝাৰখণ্ড বিজেপিৰ সাধাৰণ সম্পাদক কৰ্মবীৰ সিঙকে ধৰি কেইবাজনেও নিমন্ত্ৰণ জনায় ধোনীক। ২২ জানুৱাৰীত ৰাম মন্দিৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অনুষ্ঠানত ৰাজনৈতিক নেতাৰ লগতে মনোৰঞ্জন আৰু ক্ৰীড়া জগতৰ তাৰকাসকল উপস্থিত থাকিব। অহা ২২ জানুৱাৰীত মন্দিৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে। জনা যায় যে শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰলৈ মুঠ ৮ হাজাৰ বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে।