ড্ৰেগন ফ্ৰুইটৰ নাম সলনিৰে কৰা হ’ল কমলমঃ গুজৰাট চৰকাৰৰ সিদ্ধান্ত
নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ ভাৰতত জনপ্ৰিয় হৈ পৰা ফল ড্ৰেগন ফ্ৰুইটৰ নাম সলনি কৰিলে গুজৰাট চৰকাৰে। গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানিয়ে স্বাস্থ্যকৰ আৰু সুস্বাদু ফল ড্ৰেগন ফ্ৰুইটৰ ড্ৰেগন নামটোৱে চীনলৈ মনত পেলাই দিয়াৰ প্ৰসংগ উত্থাপন কৰি কয় যে ফলটোৰ আকৃতিলৈ মন কৰিলে ই দেখাত পদুম ফুলৰ দৰে।
গতিকে এই ফুলৰ নামকৰণ কৰা হ’ব কমলম ৰূপে। মঙলবাৰে গুজৰাটৰ মুখ্যমন্ত্রীগৰাকীয়ে উদ্যান বিকাশ মিছন উদ্বোধন কৰিবলৈ আহি কয়- ‘ড্রেগন ফ্ৰুইটক কমলম অ্যাখা দিয়াৰ ক্ষেত্ৰত বিশেষ অধিকাৰৰ বাবে চৰকাৰৰ ওচৰলৈ আবেদন জনোৱা হৈছিল। সেয়ে আমাৰ গুজৰাট চৰকাৰে ফলটোক কমলম ৰূপে নামকৰণৰ সিদ্ধান্ত লৈছে।’
তেওঁ পুনৰ কয় যে ফলটিৰ ক্ষেত্ৰত ড্রেগন নামটো অনুপযুক্ত। দেখাত পদুমৰ দৰে বাবে ফুলটোক সংস্কৃত শব্দ কমলম ৰূপে আখ্যা দিয়া হৈছে। উল্লেখ্য যে পদুম ফুলৰ সংস্কৃত নাম ‘কমলম’। প্রসংগক্ৰমে উল্লেখ কৰিব পাৰি যে এই ফল ভাৰতত শেহতীয়াকৈ অতি জনপ্ৰিয় হৈ উঠিছে আৰু ভাৰতৰ বজাৰত এই ফলৰ বেছিভাগ দক্ষিণ আমেৰিকাৰ পৰা আহে।
প্ৰচুৰ পৰিমাণে খনিজ লৱনযুক্ত আৰু চি ভিটামিনেৰে সমৃদ্ধ ড্ৰেগন ফ্ৰুইটৰ সম্ভাৱনাময় খেতিৰ বাবে গুজৰাটৰ কুচ্ছ জিলাৰ খেতিয়কসকলক যোৱা ২৬ জুলাইত মন কি বাট অনুষ্ঠানযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰিছিল।