নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটৰ ছাত্ৰী নাম্যা খাণ্ডেলৱালৰ সাফল্য; ইণ্ডিয়া বুক অফ ৰেৰ্কডত স্থান দখল

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ যোৰহাটৰ এখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ‘দিল্লী পাব্লিক স্কুল যোৰহাট’লৈ সুনাম কঢ়িয়ায় আনিছে বিদ্যালয়খনৰ ছাত্ৰী নাম্যা খাণ্ডেলৱালে।

যোৰহাট নিৱাসী নিটিন খাণ্ডেলৱাল আৰু কণিকা জাছোৰিয়াৰ কন্যা নাম্যা খাণ্ডেলৱাল হৈছে‘দিল্লী পাব্লিক স্কুল যোৰহাট’ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী।

উল্লেখ্য যে ‘দিল্লী পাব্লিক স্কুল যোৰহাট’ ছাত্ৰী নাম্যা খাণ্ডেলৱালে সংস্কৃত স্ত্ৰৌত্ৰম মহিষাসুৰ মৰ্দিনী আবৃতি কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হয়।

ছাত্ৰীগৰাকীয়ে ২১ টা স্তৱক মাত্ৰ ৭ মিনিট ১৩ ছেকেণ্ডত আবৃতি কৰি এই কৃতিত্ব অৰ্জন কৰে।

ছাত্ৰীগৰাকীৰ এই সাফল্যত ‘দিল্লী পাব্লিক স্কুল যোৰহাট’ৰ অধ্যক্ষই শুভেচ্ছা জ্ঞাপন কৰি নাম্যা খাণ্ডেলৱালৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।

You might also like