নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুকলি বিতর্কৰ পূর্বে ড্রাগ পৰীক্ষা কৰাওক বিডেনৰ

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ  আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ প্রচাৰ অভিযান যিমানেই তুংগত উঠিছে, সিমানেই ৰিপাব্লিকান আৰু ডেম’ক্রেটিক দলৰ প্রতিদ্বন্দ্বী ট্রাম্প–বিডেনৰ মাজত মতানৈক্য তীব্রতৰ হৈছে৷ আগন্তুক মঙলবাৰৰ নিশা দুয়োগৰাকী প্রতিদ্বন্দ্বী প্রথমটো মুকলি বিতর্কত মুখামুখিকৈ উপস্থিত হোৱাৰ পূর্বে ড’নাল্ড ট্রাম্পে জ’ বিডেনৰ ড্রাগ পৰীক্ষা হোৱা উচিত বুলি দাবী কৰিছে৷ জ’ বিডেনৰ মানসিক তীক্ষ্ণতা সন্দর্ভত ট্রাম্পে আগবঢ়াইছে তির্যক মন্তব্য৷ লক্ষণীয়ভাৱে ছ’চিয়েল মিডিয়া টুইটাৰযোগে ট্রাম্পে উল্লেখ কৰিছে যে নিদ্রামগ্ণ জ’ বিডেনৰ ড্রাগ পৰীক্ষা মঙলবাৰৰ বিতর্কৰ পূর্বে বা পিছত হোৱা উচিত৷ ড্রাগছৰ জৰিয়তে ৰাষ্ট্রপতি নির্বাচনৰ মুকলি বিতর্কত জ’ বিডেনে ট্রাম্পক প্রত্যাহ্বান জনাব বুলি ইতিমধ্যে ৰিপাব্লিকান দলে আৰম্ভ কৰিছে এক প্রচাৰ৷ এই প্রচাৰৰ মাজতে ট্রাম্পে বিডেনক নিদ্রামগ্ণ আখ্যা দি একপ্রকাৰ বিশ্বৰ মহাপৰাক্রমী ৰাষ্ট্রখনৰ শীর্ষ নেতাৰ নির্বাচনৰ মুকলি বিতর্কত ড্রাগছৰ পয়োভৰ হোৱা কথাটো প্রতিপন্ন কৰিব বিচাৰিছে৷ ইফালে, ট্রাম্পৰ এই অভব্য মন্তব্যৰ পিছতে আমেৰিকান সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷ এগৰাকী ৰাষ্ট্রপতিয়ে নির্বাচনৰ প্রতিদ্বন্দ্বীৰ বিৰুদ্ধে ড্রাগছ সেৱনৰ অভিযোগ অনা ঘটনা এয়াই প্রথম৷ বিশেষকৈ আমেৰিকাৰ ইতিহাসত ইয়াৰ পূর্বে কোনো শীর্ষ নেতাই এনে লজ্জাজনক অভিযোগ অনা নাছিল প্রতিদ্বন্দ্বীৰ বিৰুদ্ধে৷

You might also like