নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড প্রট’কল উলংঘা ট্রেকাৰ–চিটীবাছ চালকৰ

নিয়মীয়া বাৰ্তা, ২৯ ছেপ্টেম্বৰঃ গুৱাহাটী মহানগৰীৰ ৰাজপথত অব্যাহত আছে ট্রেকাৰচালকৰ অতপালি৷ ক’ৰোনা মহামাৰীক লৈ ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা জিলা প্রশাসনে জাৰি কৰা নির্দেশনা উলংঘাৰে মহানগৰীৰ ৰাজপথত চলাচল কৰিছে সহস্রাধিক ট্রেকাৰ৷ মহানগৰীৰ বিভিন্ন পথত চলাচল কৰা একাংশ ট্রেকাৰচালকে ক’ভিড প্রট’কল উলংঘা কৰি যাত্রী কঢ়িওৱা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ পৰিবহণ বিভাগে জাৰি কৰা নির্দেশনাক ভৰিৰে মোহাৰি একাংশ ট্রেকাৰচালকে অধিক যাত্রী কঢ়িওৱাৰ লগতে ভাৰা দুগুণলৈ বৃদ্ধি কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ ক’ৰোনা মহামাৰীৰ সময়ছোৱাত মাৰাত্মক ভাইৰাছৰ সংক্রমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি জিলা পৰিবহণ আৰু কামৰূপ মহানগৰ জিলা প্রশাসনে ৰাজপথত চলাচল কৰা ট্রেকাৰসমূহত ৫০ শতাংশ যাত্রী কঢ়িওৱাৰ অনুমতি প্রদান কৰিছিল যদিও একাংশ ট্রেকাৰচালকে ১০০ শতাংশৰো অধিক যাত্রী কঢ়িওৱা পৰিলক্ষিত হৈছে৷ বিপজ্জনকভাৱে যাত্রী কঢ়িওৱাৰ লগতে যাত্রীৰ পৰা দুগুণ ভাৰা আদায় কৰি আহিছে যদিও এইক্ষেত্রত পৰিবহণ বিভাগে বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ বিশেষকৈ মহানগৰীৰ ভেটাপাৰাৰ পৰা গণেশগুৰি হৈ লালগণেশলৈ চলাচল কৰা একাংশ ট্রেকাৰচালকে ক’ভিড প্রট’কল উলংঘাৰে যাত্রী কঢ়িওৱাৰ লগতে যাত্রীৰ পৰা দুগুণ ভাৰা সংগ্রহ কৰি আহিছে৷ ইপিনে, ভেটাপাৰাৰ পৰা ভঙাগড় হৈ বিৰুবাৰী, পাঞ্জাবাৰীৰ পৰা বেহাৰবাৰীলৈ আৰু নুনমাটিৰ পৰা জু–তিনিআলিৰে খানাপাৰালৈ চলাচল কৰা একাংশ ট্রেকাৰচালকে ক’ভিড প্রট’কল উলংঘা কৰা অভিযোগ উত্থাপিত হৈছে৷ একেদৰে গুৱাহাটী মহানগৰীৰ ৰাজপথত চলাচল কৰা একাংশ চিটীবাছতো ক’ভিড প্রট’কল উলংঘা কৰাৰ অভিযোগ উঠিছে৷ চিটীবাছত যাত্রীৰ পৰা দুগুণ ভাৰা সংগ্রহ কৰাৰ উপৰি সামাজিক দূৰত্ব উলংঘা কৰি যাত্রী কঢ়িওৱাৰ অভিযোগ কৰিছে একাংশ যাত্রীয়ে৷ এইক্ষেত্রত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে ৰাজপথত অভিযান চলায়েই দায়িত্ব সামৰিছে৷ বিশেষকৈ বশিষ্ঠৰ পৰা বেলতলা হৈ জালুকবাৰীলৈ যাতায়াত কৰা একাংশ চিটীবাছত সামাজিক দূৰত্ব উলংঘা কৰা বুলি ভুক্তভোগী যাত্রীয়ে জানিবলৈ দিছে৷ তদুপৰি খানাপাৰাৰ পৰা জি এছ ৰোড হৈ জালুকবাৰীলৈ যোৱা চিটীবাছ আৰু নুনমাটিৰ পৰা চলাচল কৰা একাংশ চিটীবাছে সামাজিক দূৰত্ব উলংঘা কৰাৰ লগতে যাত্রীৰ পৰা অধিক ভাৰা আদায় কৰি আহিছে যদিও এইক্ষেত্রত পৰিবহণ বিভাগে বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷

You might also like