নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গছৰ ওপৰতহে প্রথমে খোজ কাঢ়িছিল আদিম মানৱে

নিয়মীয়া বাৰ্তা, ১৭ডিচেম্বৰ: আদিম মানৱে প্রথমে মাটিত খোজ কাঢ়িবলৈ লৈছিল বুলি চলি থকা ধাৰণাক নস্যাৎ কৰিলে নতুন গৱেষণাই৷ দীর্ঘদিনীয়া বিশ্বাস অনুসৰি, মানুহে মাটিত ওলম্বভাৱে খোজ কঢ়াৰ ধাৰণাটোক লৈ চলাই থকা গৱেষণাৰ অন্তত এই কথা নতুনকৈ গৱেষকৰ দলে লাভ কৰিলে যে আদিম মানৱে প্রথমতে গছৰ ওপৰতহে ওলম্বভাৱে খোজ কাঢ়িছিল৷ কেণ্ট বিশ্ববিদ্যালয়ৰ গৱেষকৰ দল এটাই চলোৱা গৱেষণাৰ প্রতিবেদন জার্নেল ছায়েঞ্চ এডভান্সত প্রকাশ পাইছে৷ নিযুত নিযুত বর্ষৰ পূর্বে গভীৰ বনাঞ্চল ধ্বংস হোৱাৰ লগতে ভূমি অঞ্চল বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত আদিম মানৱে মাটিত খোজ কাঢ়িবলৈ লৈ খাদ্যৰ সন্ধান কৰিবলৈ ধৰে৷ নতুন গৱেষণাত প্রকাশিত তথ্য মতে, আমাৰ আদিপুৰুষে দুখন ভৰিৰে প্রথমতে গছত খোজ কাঢ়িবলৈ লৈছিল৷ কেণ্ট বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলে তাঞ্জানিয়াৰ ইছাত ১৫ মাহ ধৰি ছাভান্না চিম্পাজীৰ ওপৰত গভীৰ অধ্যয়ন চলোৱাৰ অন্তত আদিম মানৱে প্রথমে মাটিত খোজ কঢ়া ধাৰণাটো সঠিক নহয় বুলি মানি লয়৷ গৱেষকৰ দলটোৱে এই অধ্যয়নত আদিম মানৱে গছৰ ওপৰত প্রথমে খোজ কাঢ়িছিল বুলি নিশ্চিত কৰি প্রখ্যাত বিজ্ঞানৰ পত্রিকাখনত প্রতিবেদন প্রকাশ কৰে৷ এই প্রতিবেদনে সম্প্রতি বিশ্বজুৰি আদিম মানৱক লৈ গৱেষণা চলোৱা গৱেষক–বিজ্ঞানীৰ উৎসুকতা বৃদ্ধি পাইছে৷ নতুন গৱেষণাই আদিম মানৱৰ পূর্বৰ ধাৰণাটোক নস্যাৎ কৰিলেও ই হয়তো কিছুদিন বিবাদিত হৈ থাকিব৷ কিয়নো আন আন গৱেষকে এই সন্দর্ভত স্থিতি স্পষ্ট কৰাৰ প্রয়োজন আছে৷

You might also like