🔹 দিল্লীৰ আবকাৰী নীতি কেলেংকাৰি
বিশেষ বাৰ্তা, ১৫ ফেব্রুৱাৰী : আবকাৰী নীতি কেলেংকাৰি সন্দর্ভত দিল্লী চৰকাৰৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাললৈ ষষ্ঠখন চমন জাৰি কৰিছে এনফ’ৰ্চমেণ্ট সঞ্চালকালয় (ইডি)–এ৷ এই চমন অনুসৰি মুখ্যমন্ত্রী কেজৰিৱালক অহা ১৯ ফেব্রুৱাৰীত কেন্দ্রীয় সংস্থাটোৰ কার্যালয়ত হাজিৰ হ’বলৈ নির্দেশ দিয়া হৈছে৷ দিল্লীৰ আদালতে ইডিৰ অভিযোগৰ ভিত্তিত মুখ্যমন্ত্রী কেজৰিৱালক ১৭ ফেব্রুৱাৰীত আদালতত এই সন্দর্ভত উত্তৰ দিবলৈ জাননী জাৰি কৰাৰ পিছত ইডিয়ে কালি কেজৰিৱাললৈ ষষ্ঠবাৰৰ বাবে চমন জাৰি কৰিছে৷ উল্লেখ্য যে যোৱা ২ ফেব্রুৱাৰীৰ পূর্বে কেজৰিৱাললৈ ১৮ জানুৱাৰী, ৩ জানুৱাৰী আৰু ২০২৩ চনৰ ২১ ডিচেম্বৰ আৰু ২ নৱেম্বৰত চমন জাৰি কৰিছিল ইডিয়ে৷ উল্লিখিত পঞ্চমবাৰেই ইডিৰ চমন বেআইনী বুলি কেজৰিৱালে কেন্দ্রীয় সংস্থাটোৰ সন্মুখত হাজিৰ হোৱা নাছিল৷