বিশেষ বাৰ্তা, ১৪ ফেব্রুৱাৰী : আৱাসন কেলেংকাৰিৰ গোচৰত এক নির্মাণ সংস্থাৰ মুৰব্বীৰ বাসগৃহসহ ২২টা স্থানত তালাচী চলায় এনফ’ৰ্চমেণ্ট সঞ্চালকালয় (ইডি)–এ৷ মুম্বাইৰ এই নির্মাণ সংস্থাৰ ব্যৱসায়ীগৰাকীৰ নাম ললিত টেকচণ্ডানি৷ চণ্ডানি আৰু তেওঁৰ ঘনিষ্ঠ সহযোগীসকলৰ বাসগৃহসহ একাধিক স্থানত ইডিয়ে তালাচী চলোৱাৰ সময়ত জব্দ কৰা হয় ৩০ কোটি টকাৰ সম্পত্তি৷ ইডিৰ এক সূত্রই সংবাদ মাধ্যমক জনাইছে এই তথ্য৷ ললিত আৰু তেওঁৰ দুই সহযোগী অমিত তথা ভিকি ৱাধানিৰ বিৰুদ্ধে ৪০০ কোটি টকাৰ অবৈধ লেনদেনৰ অভিযোগ উঠিছিল৷ এই গোচৰটোত মুম্বাই আৰু নবী মুম্বাইৰ বিভিন্ন স্থানত তালাচী চলাইছিল ইডিয়ে৷ অকল সম্পত্তি বাজেয়াপ্ত কৰাই নহয়, ললিত আৰু তেওঁৰ সহযোগী ব্যৱসায়ীসকলৰ কেইবাটাও বেংক একাউণ্ট নিষ্ক্রিয় কৰিছে ইডিয়ে৷ তালজোলা আৰু চেম্বুৰ থানাত অভিযুক্তসকলৰ বিৰুদ্ধে কেইবাটাও ধাৰাত দুটা গোচৰ ৰুজু কৰা হৈছিল৷ সূত্রই প্রকাশ কৰা অনুসৰি, ফ্লেট দিয়াৰ নামত ১৭০০ গ্রাহকৰ পৰা কোটি কোটি টকা সৰকাইছে অভিযুক্তসকলে৷