নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আবকাৰী কেলেংকাৰি : চতুর্থবাৰলৈ কেজৰিৱালক তলব ইডিৰ

বিশেষ বাৰ্তা, ১৩ জানুৱাৰী : আবকাৰী কেলেংকাৰিৰ গোচৰত পুনৰ অৰবিন্দ কেজৰিৱাললৈ চমন পঠিয়ালে এনফ’ৰ্চমেণ্ট সঞ্চালকালয় (ইডি)–এ৷ আগন্তুক ১৮ জানুৱাৰীত ইডিৰ কার্যালয়ত হাজিৰ হোৱাৰ নির্দেশ দিয়া হৈছে দিল্লীৰ মুখ্যমন্ত্রী কেজৰিৱালক৷ যোৱা ৩ জানুৱাৰীত এই গোচৰত দিল্লীৰ মুখ্যমুন্ত্রীগৰাকীক তলব কৰা হৈছিল৷ কিন্তু কেজৰিৱালে এতিয়ালৈকে ৩বাৰলৈ ইডিৰ জাননীক অগ্রাহ্য কৰিছে৷ বাৰে বাৰে কেন্দ্রীয় সংস্থাটোৰ জাননীক ‘অবৈধ’ বুলি ঘোষণা কৰি আহিছে কেজৰিৱালে৷ চতুর্থবাৰ ইডিয়ে তলব কৰাৰ পিছত কেজৰিৱালে কি সিদ্ধান্ত লয়, সেয়া জানিব পৰা হোৱা নাই৷ কিন্তু আপৰ তৰফৰ পৰা ঘোষণা কৰা অনুসৰি কেজৰিৱালক গ্রেপ্তাৰৰ চেষ্টা চলাইছে বিজেপিয়ে৷

You might also like