🔹 ঝাৰখণ্ডৰ বকাৰোত মাওবিৰোধী অভিযান
নিউজ ডেস্ক, ২২ এপ্রিল : নক্সালমুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে মাও অধ্যুষিত অঞ্চলসমূহত অভিযান তীব্রতৰ কৰি তুলিছে নিৰাপত্তা বাহিনীয়ে৷ মাওবাদীক আত্মসমর্পণৰ আহ্বান জনোৱাৰ সমান্তৰালকৈ কেন্দ্রীয় চৰকাৰে মাওবিৰোধী অভিযানো তীব্রতৰ কৰি তুলিছে৷ কালি ঝাৰখণ্ডত মাওবিৰোধী অভিযান চলাই নিৰাপত্তা বাহিনীয়ে আন এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ বিশেষ সূত্রৰ পম খেদি নিৰাপত্তা বাহিনীয়ে ঝাৰখণ্ডৰ বকাৰো জিলাৰ লালপানীয়া অঞ্চলৰ পাহাৰত আত্মগোপন কৰি থকা মাওবাদীৰ বিৰুদ্ধে অভিযান চলায়৷ নিৰাপত্তা বাহিনীয়ে অভিযান চলোৱাৰ উমান পাই মাওবাদীৰ গোটে নিৰাপত্তা বাহিনীক লক্ষ্য কৰি গুলীচালনা কৰে৷ ইয়াৰ প্রত্যুত্তৰ দি মাওবাদী গোটৰ ওপৰতো নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰে৷ দুয়োপক্ষৰ মাজত চলা প্রচণ্ড গুলীয়াগুলীৰ সময়তে ৮ মাওবাদী নিহত হয় নিৰাপত্তা বাহিনীৰ গুলীত৷ গুলীত নিহত হোৱা ৮ মাওবাদীৰ ভিতৰত মূৰৰ দাম ১ কোটি ঘোষিত দুর্ধর্ষ নেতা এজনো আছে৷ ঝাৰখণ্ডৰ আৰক্ষী সঞ্চালকপ্রধানে প্রকাশ কৰা মতে, নিৰাপত্তা বাহিনীৰ হিটলিষ্টত থকা বিবেক নামৰ কমাণ্ডাৰজনৰ মূৰৰ দাম ১ কোটি টকা ঘোষণা কৰা হৈছিল৷ কালিৰ সংঘর্ষত এই দুর্ধর্ষ নেতাজনৰো মৃত্যু ঘটিছে৷ নিৰাপত্তা বাহিনীয়ে ঘটনাস্থলীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্র–শস্ত্র আৰু বিস্ফোৰক জব্দ কৰিছে৷ নিৰাপত্তা বাহিনীয়ে ৮ মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰিছে যদিও এই সংঘর্ষত আৰু অধিক মাওবাদী সদস্য নিহত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে৷ মন কৰিবলগীয়া যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ২০২৬ চনৰ মার্চ মাহতে নক্সালমুক্ত ভাৰত গঢ়াৰ পণ লৈছে আৰু এই লৈ মাও অধ্যুষিত অঞ্চলত অভিযান তীব্রতৰ কৰি তুলিছে৷