নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৬ ঘণ্টা শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ পিছত কুঁৱাৰ পৰা উদ্ধাৰ হাতী…চাওক ভিডিঅ’

নিয়মীয়া বাৰ্তা ২০ নৱেম্বৰঃ  হাতী মানুহৰ সংঘাত পুৰণি কথা নহয়। খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা কথা প্ৰায়েই প্ৰকাশ হৈ থাকে। এইবাৰ খাদ্যৰ সন্ধানত জনাঞ্চললৈ প্ৰৱেশ কৰি প্ৰায় ৫০ ফুট গভীৰ কুঁৱাত সোমাল হাতী। এই ঘটনাটো সংঘটিত হৈছে তামিলনাডুত। ৰাজ্যখনৰ ধৰ্মপুৰী জিলাৰ পালাকাডে অঞ্চলত সংঘটিত হৈ এই ঘটনা।  বৃহস্পতিবাৰে খাদ্যৰ সন্ধানত ওলাই আহিছিল হাতীৰ জাক এটা। কিন্তু দুৰ্ভাগ্যপূৰ্ণ ভাৱে কুঁৱাত পৰি যায় এটা হাতী।

ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে বনবিভাগ আৰু আৰক্ষীৰ লোক গৈ ঘটনাস্থলীত উপস্থিত হয়। উল্লেখ্য যে হাতীটোক উদ্ধাৰ কৰিবলৈ দুখন ক্ৰেনৰ জৰিয়তে প্ৰচেষ্টা চলোৱা হয়। অৱশেষত প্ৰায় ১৬ ঘণ্টা শ্বাসৰুদ্ধকৰ অভিযানৰ পিছত হাতীটো উদ্ধাৰ কৰা হয়। বনবিভাগে প্ৰকাশ কৰা অনুসৰি হাতীটোৰ বয়স ২৫-৩০ বছৰ।

You might also like