নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউৰ নন ইনভেছিভ ভেণ্টিলেচনৰ ছাপ’ৰ্ট দি থকা হৈছে তেওঁক। সংকটজনক অৱস্থাত থকা গগৈৰ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰা হৈছে অধিক মাত্ৰাত ঔষধ। প্ৰস্ৰাৱৰ পৰিমাণো কমি যোৱা বুলি জানিব কৰা গৈছে।

এইমছৰ স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ মৰ্মে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা নিৰীক্ষণ কৰি থকা হৈছে। জি এম চি এইচৰ অধীক্ষক অভিজিত শৰ্মাই জানিবলৈ দিয়া মতে, গগৈ সম্প্ৰতি স্থিৰ যদিও প্ৰস্ৰাৱৰ পৰিমাণ কিছু কমি গৈছে। এইক্ষেত্ৰত যাৱতীয় ঔষধ যোগান ধৰা হৈছে যদিও প্ৰস্ৰাৱৰ পৰিমাণ কম হৈ থাকিলে তেওঁক ডায়েলাইছিছ কৰিব লাগিব পাৰে।

উল্লেখ্য, ক’ৰোনাত আক্ৰান্ত হোৱাৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ক’ৰোনাৰ পৰা মুক্ত হয় যদিও সম্পূৰ্ণ স্বাস্থ্য ঘূৰাই পোৱাত সংগ্ৰাম কৰিব লগা হৈছে।

You might also like