নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলোচনাত নোলাল সমিধান, কৃষক আন্দোলন চলি থাকিব বুলি ঘোষণা

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ কৃষক আন্দোলনৰ গতিবিধিলৈ চাই চৰকাৰে আজি সন্ধিয়া কৃষক নেতাৰ সৈতে কৰা আলোচনাৰ ইতিমধ্যে অন্ত পৰিছে। নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এই আলোচনাৰ কোনো সমাধান কিন্তু নোলাল। কৃষিমন্ত্ৰীকে ধৰি ৩ কেন্দ্ৰীয় মন্ত্ৰী আৰু ৩৫গৰাকী কৃষক প্ৰতিনিধিৰ চলা বৈঠকৰ অন্তত ৩ ডিচেম্বৰত আকৌ বৈঠকত বহাৰ সিদ্ধান্ত লোৱা হয়। এইক্ষেত্ৰত কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে এখন সমিতি বনোৱাৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ নাকচ কৰে কৃষকৰ প্ৰতিনিধি দলটোৱে।

আলোচনাৰ অন্তত কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে সংবাদ মাধ্যমৰ আগত কয় যে কৃষক ইউনিয়নৰ ফালৰ পৰা প্ৰতিনিধিসকল আলোচনাৰ বাবে আহিছিল। আলোচনাৰ তৃতীয় পৰ্যায় ইতিমধ্যে সমাপ্ত হৈছে আৰু অহা ৩ ডিচেম্বৰত চতুৰ্থ পৰ্যায়ৰ আলোচনা কৰা হ’ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অহা ৩ ডিচেম্বৰত সকলো সমস্যা আৰু দাবীৰ ওপৰত আলোচনা কৰা হ’ব বুলি উল্লেখ কৰে।

আনহাতে আলোচনাত ভাগ লোৱা কৃষক নেতা চন্দা সিঙে কয় – কৃষি আইনক লৈ আমাৰ আন্দোলন চলি থাকিব। আমি চৰকাৰৰ পৰা কিবা এটা নিশ্চয় লম, লাগিলে সেয়া বুলেটেই হওক বা শান্তিপূৰ্ণ সমাধান।

You might also like