নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়নৰ দাবী জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ ‘অসম দিৱস’ত নতুন প্ৰজন্মক চাওলুং ছ্যুকাফাৰ আদৰ্শৰে আগবাঢ়িবলৈ আহ্বান

নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ সাতৰাজ মাৰি একৰাজ কৰা চাওলুং ছ্যুকাফাৰ গঢ় দিছিল শক্তিশালী অসমীয়া জাতিৰ। ছ্যুকাফাই দেখুৱাই যোৱা সেই বাটেৰেই বলীয়ান হৈ মোগলক ভেটিবলৈ সমৰ্থ হৈছিল লাচিত বৰফুকন। সেই তাহানিতে যি অসমীয়া জাতিয়ে মোগলক ভেটা দিবলৈ সমৰ্থ হৈছিল সেই অসমীয়া জাতি এতিয়া অস্তিত্বৰ সংকটত। এসময়ৰ শক্তিশালী অসমীয়া জাতি এতিয়া ঘৰৰ মাটিতেই সংখ্যালঘু হোৱাৰ পথত। প্ৰতিজন অসমীয়াই ‘অসম দিৱস’তে পুনৰ সেই শক্তি ঘূৰাই পোৱাৰ পণ ল’ব লাগিব বুলি উল্লেখ কৰি আজি এই মন্তব্য কৰিছে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ উত্তৰ পূব প্ৰান্তৰ অধ্যক্ষ শৈলেন্দ্ৰ পাণ্ডেই। পাণ্ডেই কয় যে এক বিশেষ শ্ৰেণীৰ লোকৰ মাজত দিনে দিনে ভয়াৱহ হৈ পৰা জনসংখ্যা বিস্ফোৰণৰ বাবেই এতিয়া অসমীয়া জাতিয়ে দিনতে এন্ধাৰ দেখিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। উল্লেখ্য যে, ২০১৭ চনত বৰ্তমানৰ ৰাজ্য চৰকাৰখনে বিধানসভাত দুটা সন্তান নীতি গৃহীত কৰিছিল। কিন্তু জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে উক্ত নীতি পৰ্যাপ্ত নহয় বুলি মন্তব্য কৰিছে পাণ্ডেই। ‘অসম চৰকাৰৰ এনে পদক্ষেপ নিসন্দেহে প্ৰশংসনীয়। কিন্তু ভয়াৱহ হৈ পৰা তথা জাতিৰ অস্তিত্বলৈ সংকট কঢ়িয়াই অনা জনসংখ্যা বিস্ফোৰণ ৰোধ কৰিব পৰাকৈ এয়া যথেষ্ট নহয়। চৰকাৰে অসম সচিবালয়ৰ ১৭০ টা পদবীত এই নতুন নীতি বলৱৎ কৰিছে যদিও আমি প্ৰতিটো বিভাগতে এই নীতি প্ৰযোজ্য কৰিবলৈ দাবী জনাইছো।’-পাণ্ডেই কয়। তেওঁ আৰু কয় যে কেৱল ৰাজ্য চৰকাৰেই নহয় কেন্দ্ৰ চৰকাৰেও এইক্ষেত্ৰত আৰু অধিক কঠোৰ নীতি হাতত ল’ব লাগিব। কেন্দ্ৰ চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ কঠোৰ আইন ৰূপায়ণ কৰিলেহে সমগ্ৰ দেশৰ লগতে অসমতো জনসংখ্যা বিস্ফোৰণ ৰোধ কৰিব পৰা যাব বুলি আশা ব্যক্ত কৰে। অৱশ্যে তেওঁ আশংকা প্ৰকাশ কৰে যে জনসংখ্যা নিয়ন্ত্ৰণ নীতি তথা আইনক লৈ চৰকাৰ কঠোৰ হ’লে একাংশ দুষ্টচক্ৰৰ লোকে জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ পুনৰ ‘কা’ আন্দোলনৰ দৰে নতুন আন্দোলনৰ জন্ম দিব পাৰে। সেয়ে এইক্ষেত্ৰত তেওঁ সকলোকে সজাগ আৰু সতৰ্ক হৈ থাকিবলৈকো আহ্বান জনাইছে। এইক্ষেত্ৰত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে নিজাববীয়াকৈ একাধিক ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও জনাইছে অধ্যক্ষ পাণ্ডেই। ‘আমি সকলোকে জনসংখ্যা নিয়ন্ত্ৰণৰ বিভিন্ন দিশসমূহ সম্পৰ্কে সজাগ কৰি আহিছো। উত্তৰ-পূবৰ চুকে-কোণে সভা-সমিতি অনুষ্ঠিত কৰিছো। কৰ’না কালতো ৱেবিনাৰ আনুষ্ঠিত কৰিছো। একেদৰে গণ স্বাক্ষৰ অভিযান, সজাগতা সভা আদিও অনুষ্ঠিত কৰি আহিছো। কোনো কাৰণতে যাতে অসমীয়া ৰাইজে অপপ্ৰচাৰত ভোল নাযায় তাৰ প্ৰতিও গুৰুত্ব দিছো।’- জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ উত্তৰ-পূব প্ৰান্তৰ অধ্যক্ষগৰাকীৰ মন্তব্য। অধ্যক্ষ পাণ্ডেই অসমীয়া জাতিক পুনৰ শক্তিশালী কৰাৰ স্বাৰ্থত তথা চাওলুং ছ্যুকাফাৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ উদ্দেশ্যে অসম দিৱসৰ দিনটোত হাতত হেংদাং লৈ কোনো অপশক্তিয়ে যাতে অসমীয়া জাতিক শলঠেকত পেলাব নোৱাৰে তাৰ বাবে যুঁজ দি যোৱাৰ সংকল্প ল’বলৈ আহ্বান জনায়। লগতে অসম তথা উত্তৰ-পূবৰ জাতি, মাটি, ভেটিক ভালপোৱা তথা ইতিহাসক সন্মান জনোৱা প্ৰতিগৰাকী বিধায়ক, সাংসদ আৰু মন্ত্ৰীক হেংদাঙৰ নামত শপত লৈ দেশত শীঘ্ৰে কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন ৰূপায়ণ কৰাৰ সংকল্প গ্ৰহণ কৰিবলৈকো আহ্বান জনাইছে ফাউণ্ডেশ্যনৰ অধ্যক্ষ পাণ্ডেই। অন্যথাই অসম তথা উত্তৰ-পূবত অবৈধ বাংলাদেশী আৰু ৰহিংগীয়াসকলে মুক্ত বিচৰণ কৰি ভূমিপুত্ৰসকলক ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়াৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হ’লেও আচৰিত হ’বলগীয়া একো নাথাকিব বুলিও কয় জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ উত্তৰ পূব প্ৰান্তৰ অধ্যক্ষগৰাকীয়ে।

You might also like