নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ সন্মুখত ভেলেন্টাইন ডে-সৰস্বতী পূজা। প্রেমিক যুগলৰ দিন। তাৰ পূৰ্বে সেই প্রেমিকযুগলৰ বাবে আহিছে এক সুখবৰ। ১ ফেব্রুৱাৰীৰ পৰা চিনেমা হল দুটা ছিটৰ মাজত আসন খালী ৰাখিবৰ বাবে আৰু প্রয়োজন নাই। কিয়নো অহাদিনসমূহত ১০০ শতাংশ দর্শকৰ প্রৱেশ কৰাত অনুমতি দিলে কেন্দ্ৰই। দেওবাৰে এই সন্দৰ্ভত নির্দেশিকা জাৰী কৰিল কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রণালয়ে।
ৰূপালী পর্দাৰ ব্যৱসায়ক কিছু পৰিমানে হলেও স্বস্তি দিব কেন্দ্রৰ এই সিদ্ধান্তই।
উল্লেখ্য যে বিগত বছৰ মার্চৰ শেষৰ পৰাই তলা উলমিছিল দেশৰ চিনেমা হলসমূহত। যাৰ প্রভাৱত পৰিছিল চিনেমা উদ্যোগো। শ্বু’টিং বন্ধ হৈ যোৱাত বিপদত পৰিছিল কলা-কুশলীসমহো। অৱশেষত বহু নিয়ম মানি অক্টোবৰ মাহত দৰ্জা খুলিছিল যদিও ৫০ শতাংশ দর্শককহে প্রৱশৰ অনুমতি দিয়া হৈছিল। দুটা ছিটৰ মাজত এটাকৈ ছিট খালী ৰখাৰ নিৰ্দেশ দিয়া হৈছিল।
Good news for Cinema lovers:
Today, Issued the revised SOP for the film exhibition, 100% occupancy will be allowed in theatres from 1st February, but all @MoHFW_INDIA #COVID19 guidelines will have to be followed.https://t.co/5vfZtAoHXW@MIB_India pic.twitter.com/89qZpSiMhq
— Prakash Javadekar (@PrakashJavdekar) January 31, 2021