নিউজ ডেস্ক, ২ নৱেম্বৰ : পোহৰৰ উৎসৱ দীপাৱলীত জ্বলিল দেশৰ ৰাজধানী দিল্লী৷ পৰহি নিশা দিল্লীৰ ৩২০টা স্থানত অগ্ণিকাণ্ডৰ ঘটনা সংঘটিত হয়৷ এদিনতে ইমান অগ্ণিকাণ্ডৰ নজিৰ যোৱা এটা দশক ধৰি নাছিল দিল্লীত৷ দিল্লীৰ অগ্ণিনির্বাপক বাহিনীৰ সূত্রই সদৰী কৰা অনুসৰি অভিলেখসংখ্যক অগ্ণিকাণ্ডৰ ঘটনাৰ লগতে পৰহি এই অগ্ণিকাণ্ডত তিনিজনৰ মৃত্যু হৈছে৷ গুৰুতৰভাৱে আহত হয় অন্য ১২জন৷ অৱশ্যে অগ্ণিনির্বাপক বাহিনীৰ সক্রিয়তাৰ বাবে জুই নিয়ন্ত্রণ কৰাটো সম্ভৱ হৈছে৷ পৰহি নিশাৰ পৰা কালি পুৱালৈকে ৩২০ স্থানত অগ্ণি নির্বাপণ কৰিবলগীয়া হয় বিভাগটোৰ কর্মীসকলে৷ অৱশ্যে এই অগ্ণিকাণ্ডবোৰৰ কাৰণ অগ্ণিনির্বাপক বাহিনীয়ে সদৰী কৰা নাই৷