নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফ্ৰান্সত আকাশতে মুখামুখি খুন্দা দুই সৰু বিমানৰ, নিহত ৫

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ পশ্চিম ফ্ৰান্সৰ মাজ আকাশত দুখন সৰু বিমানৰ মুখামুখি সংঘৰ্ষত মৃত্যুমুখত পৰে ৫ জন লোক। কালি এই দুৰ্ঘটনা এখন পৰ্যটন বিমান আৰু আন এখন প্ৰাইভেট বিমান (microlight jet)ৰ মাজত সংঘটিত হয়। ডি এ-৪০ নামৰ পৰ্যটন বিমানখনত চালকসহ ৩গৰাকী যাত্ৰী থকাৰ বিপৰীতে আনখন বিমানত দুগৰাকী যাত্ৰী আছিল।

দুৰ্ঘটনাত আটাইৰে মৃত্যু হয়। উল্লেখ্য, দুৰ্ঘটনাৰ পিছত প্ৰাইভেট বিমানখন এটা ঘৰৰ কাষতে ভূপতিত হয় যদিও সৌভাগ্যক্ৰমে ঘৰৰ কোনো লোকেই হতাহত নহয়। আনহাতে পৰ্যটন বিমানখন মুকলি ঠাইতে ভূপতিত হয়। ঘটনাৰ কাৰণ এতিয়াও প্ৰকাশ কৰা হোৱা নাই।

ফ্ৰান্স মিডিয়াৰ মতে, ২০১৯ চনতো প্ৰাইভেট মাইক্ৰোলাইট বিমানে খুন্দিওৱাৰ ফলত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল।

You might also like