সুশান্তই পাওক ন্যায় বাবা ৰামদেৱে কৰিলে যজ্ঞ
নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতে মাত্ৰ ৩৪ বছৰতে হতাশাত ভুগি আত্মহত্যা কৰে। সুশান্তৰ মৃত্যু হোৱা দুমাহ সময় পাৰ হৈ গ’ল। এতিয়া সকলো ন্যায়ৰ অপেক্ষাত। ইয়াৰ মাজতে যোগ গুৰু বাবা ৰামদেৱে সুশান্তৰ বাবে যজ্ঞ কৰিছে।
বাবা ৰামাদেৱে সুশান্ত আৰু সুশান্তৰ পৰিয়ালটোৰ ন্যায়ৰ কথাও উল্লেখ কৰিছে। বাবা ৰামদেৱে মন্তব্য কৰে যে মই সুশান্তৰ পৰিয়ালৰ সৈতে কথা পাতিছো, তেওঁলোকৰ মনৰ দুখ শুনি মোৰ অন্তৰ আত্মা কপি উঠিছে। আমি পতঞ্জলী পৰিয়ালে সুশান্তৰ আত্মাৰ কাৰণে প্ৰাৰ্থনা কৰিছো। আমি বিচাৰিছো যে সুশান্ত আৰু পৰিয়ালটোৱে ন্য়ায় পায়।
ৰামদেৱে লগতে উল্লেখ কৰে যে আজি আমি স্বাধীনতা দিৱস পালন কৰিছো। সকলোৱে স্বাধীনভাৱে জীয়াই থকাৰ অধিকাৰ আছে। সুশান্তৰ যি সকলে স্বাধীনতা খৰ্ব কৰিলে তেওঁলোক শাস্তি পাব লাগে বুলি উল্লেখ কৰে বাব ৰামদেৱে।