নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসা বিজ্ঞানত যুগান্তকাৰী সাফল্য: গর্ভতেই শিশুৰ মগজুৰ বিসংগতিৰ সফল অস্ত্রোপচাৰ চিকিৎসকৰ

  •  মগজুৰ বিৰল ৰক্তবাহিকাৰ বিসংগতি ৰোগৰ সফল অস্ত্রোপচাৰ ব’ষ্টন শিশু চিকিৎসালয়ত

নিয়মীয়া বাৰ্তা, ৬ মে’: চিকিৎসা বিজ্ঞানত যুগান্তকাৰী সাফল্যই মানৱ জাতিৰ বাবে ইতিবাচক বার্তা কঢ়িয়াই আনিছে৷ বিশ্বত প্রথমবাৰৰ বাবে গর্ভতেই শিশুৰ মগজুৰ বিসংগতিৰ অস্ত্রোপচাৰ সফল কৰিবলৈ সক্ষম হৈছে আমেৰিকা যুক্তৰাষ্ট্রৰ চিকিৎসক৷ গর্ভতেই থকা শিশুৰ মগজুৰ ভিতৰত বিৰল ৰক্তবাহিকাৰ বিকৃতি ৰোগৰ সফল অস্ত্রোপচাৰ কৰি আমেৰিকাৰ চিকিৎসকৰ দলে চিকিৎসা বিজ্ঞানক নতুন গতি দিলে৷ বিৰল মগজুৰ স্থিতি, যাক ‘ভেনাছ অৱ গেলেন মেলফর্মেচন’ বুলি কোৱা হয়৷ এই ৰোগৰ সফল অস্ত্রোপচাৰ কৰিলে ব্রিংহাম মহিলা হাস্পতাল আৰু ব’ষ্টন শিশু হাস্পতালত৷

উল্লেখ্য যে মগজুৰ ৰক্তবাহিকাৰ বিসংগতিৰ বাবেই হূদযন্ত্রলৈকে ৰক্তৰ সঞ্চালন সঠিকভাৱে নহয়৷ এই বিৰল বিসংগতিৰ অস্ত্রোপচাৰ কৰি চিকিৎসকে পৰৱর্তী পর্যায়ত মগজুৰ বিকাশ নোহোৱা শিশুৰ ৰোগবিধ নির্মূল কৰিবলৈ সক্ষম হ’ব৷ জন্মৰ পিছতেই ভয়াৱহ মগজুৰ আঘাত আৰু শীঘ্রেই হূদযন্ত্র বিকলৰ দুই প্রত্যাহ্বানক অতিক্রম কৰি মার্কিন চিকিৎসকৰ দলে যুগান্তকাৰী সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ ব’ষ্টন শিশু চিকিৎসালয়ৰ ৰেডি’লজিষ্ট তথা ভি অ’ জি এম চিকিৎসাৰ বিশেষজ্ঞ ডাঃ ডাৰেন অ’ৰবেকৰ নেতৃত্বত এই বিৰল অস্ত্রোপচাৰ সফলতাৰে সম্পন্ন হয়৷ চিকিৎসকগৰাকীয়ে প্রকাশ কৰা মতে, জন্মৰ পূর্বে শিশুৰ লৈ অশেষ যতন লোৱা হয় যদিও ৫০ৰ পৰা ৬০ শতাংশ শিশু জন্মৰ পিছতেই অতি ৰুগীয়া হ’বলৈ ধৰে৷ ইয়াৰে প্রায় ৪০ শতাংশ মৃত্যুমুখত পৰে৷ মগজুৰ ৰক্তবাহিকাৰ বিসংগতিৰ সফল অস্ত্রোপচাৰে এনে দুর্যোগৰ পৰা শিশুসকলক ৰক্ষাত সহায় কৰিব৷

মন কৰিবলগীয়া যে ব’ষ্টন শিশু চিকিৎসালয় আৰু ব্রিংহাম মহিলা চিকিৎসালয়ৰ চিকিৎসকৰ দলে ৩৪ সপ্তাহৰ গর্ভৱতী এগৰাকী মহিলাৰ ইউটেৰাছত থকা অৱস্থাতেই শিশুটিৰ আলট্রাছাউণ্ডৰ জৰিয়তে অস্ত্রোপচাৰ কৰা হয়৷ এই শিশুটিৰ মগজুৰ ৰক্তবাহিকাৰ বিসংগতি ধৰা পৰাৰ পিছতেই চিকিৎসকৰ দলটোৱে অস্ত্রোপচাৰৰ সিদ্ধান্ত লয় আৰু গর্ভতেই সফল অস্ত্রোপচাৰ কৰি বিশ্বৰ প্রথম এনে অস্ত্রোপচাৰ হিচাপে স্বীকৃতি লাভ কৰে৷

You might also like