🔹 বিজেপিশাসিত মধ্যপ্রদেশৰ মুখ্যমন্ত্রী মোহন যাদৱৰ ঘোষণা
নিউজ ডেস্ক, ৯ মার্চ : বলপূর্বক ধর্মান্তৰকৰণ অথবা লাভ জেহাদৰ শাস্তি হিচাপে কাৰাবাস কিম্বা জৰিমনা নহয়৷ ইয়াৰ শাস্তি হ’ব মৃত্যুদণ্ড৷ বলপূর্বক ধর্মান্তৰকৰণ সন্দর্ভত কঠোৰ শাস্তি হিচাপে মৃত্যুদণ্ড বিহিবলৈ শীঘ্রেই আইন প্রণয়ন কৰাৰ ঘোষণা মধ্যপ্রদেশৰ মুখ্যমন্ত্রী মোহন যাদৱৰ৷ বিজেপিশাসিত মধ্যপ্রদেশত ২০২৩ চনত নির্বাচনৰ সময়ত বিজেপিয়ে বলপূর্বক ধর্মান্তৰকৰণ আৰু লাভ জেহাদ সন্দর্ভত কঠোৰ আইন প্রণয়নৰ প্রতিশ্রুতি দিছিল৷ সেইমর্মেই মুখ্যমন্ত্রী মোহন যাদৱে শীঘ্রেই এই সন্দর্ভত কঠোৰ আইন অনা হ’ব বুলি ঘোষণা কৰিছে৷ উল্লেখ্য যে ২০২৩ চনত বিধানসভা নির্বাচনৰ পূর্বে তদানীন্তন মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহান চৰকাৰে ধর্মান্তৰকৰণ প্রতিৰোধৰ বাবে অধ্যাদেশ জাৰি কৰিছিল৷ সেই অধ্যাদেশ অনুসৰি বলপূর্বক ধর্মান্তৰকৰণত জড়িতসকলক ১০ বছৰৰ কাৰাবাসৰ শাস্তি বিহাৰ সিদ্ধান্ত লোৱা হৈছিল৷