নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিবাহ বিচ্ছেদৰ পথত প্রাক্তন ভাৰতীয় ক্ৰিকেটাৰ সেহৱাগ

🔹 ২০ বছৰীয়া সম্পর্কত ভাঙোন : কেইবামাহ আঁতৰি আছে আৰতি

নিউজ ডেস্ক, ২৫ জানুৱাৰী : ২০ বছৰীয়া সম্পর্কত ঘুণে ধৰিছে৷ বিবাহ বিচ্ছেদৰ পথত বীৰেন্দ্র সেহৱাগ আৰু পত্নী আৰতি আহলাৱাত৷ ২০০৪ চনত বিবাহপাশত আবদ্ধ হৈছিল দুয়ো৷ কিন্তু কেইমাহমান ধৰি তেওঁলোক বেলেগে বেলেগে আছে বুলি জানিব পৰা গৈছে৷ কিছুদিনৰ ভিতৰত দুয়োৰে মাজত বিবাহ বিচ্ছেদ হ’ব পাৰে বুলি খবৰ ওলাইছে৷ উল্লেখ্য যে প্রাক্তন ক্রিকেটাৰ সেহৱাগ আগ্রাসী বেটিঙৰ বাবে পৰিচিত আছিল৷ ভাৰতৰ হৈ টেষ্ট আৰু এদিনীয়া ক্রিকেটত অসংখ্য অভিলেখ গঢ়া সেহৱাগ আৰু আৰতিৰ প্রথম সন্তান আর্যবীৰৰ জন্ম হৈছিল ২০০৭ চনত৷ ২০১০ চনত তেওঁলোকৰ দ্বিতীয় সন্তান বেদান্তৰ জন্ম হৈছিল৷ সুদীর্ঘ ২০ বছৰীয়া বৈবাহিক সম্পর্কৰ এইবাৰ ইতি পৰিব বুলি সংবাদ মাধ্যমৰ সূত্রত প্রকাশ৷ দীপাৱলীৰ সময়ত সামাজিক মাধ্যমত এখন ছবি পোষ্ট কৰিছিল ক্রিকেটাৰগৰাকীয়ে৷ সেই সময়ত পত্নীৰ কোনো ছবি দিয়া নাছিল তেওঁ৷ সন্তান আৰু মাকৰ ফটো সেহৱাগে পোষ্ট কৰিছিল৷ তেতিয়াৰ পৰাই আৰম্ভ হৈছিল সন্দেহৰ৷ দুসপ্তাহ পূর্বে বিশ্ব নাগাক্ষী মন্দিৰলৈ তেওঁ গৈছিল যদিও তাতো আৰতিক দেখা পোৱা নগ’ল৷ অৱশ্যে এইপর্যন্ত সেহৱাগ আৰু তেওঁৰ পত্নী আৰতিয়ে এই বিষয়ে সংবাদ মাধ্যমৰ আগত কোনো কথা প্রকাশ কৰা নাই৷ উল্লেখ্য যে আৰতিৰ জন্ম নতুন দিল্লীত৷ লেডি ইৰউইন ছেকেণ্ডাৰী স্কুল আৰু ভাৰতীয় বিদ্যাভৱনত পঢ়া–শুনা কৰিছিল তেওঁ৷ কম্পিউটাৰ বিজ্ঞান বিষয়ত আৰতিয়ে অধ্যয়ন কৰিছিল দিল্লী বিশ্ববিদ্যালয়ৰ মৈত্রী কলেজত৷ ২০০০ চনৰ পৰা সেহৱাগৰ সৈতে সম্পর্ক আৰম্ভ হৈছিল আৰতিৰ৷ ২০০৪ চনত অৰুণ জেটলীৰ বাসভৱনত তেওঁলোকৰ বিবাহ অনুষ্ঠিত হৈছিল৷ সেই সম্পর্কতে এতিয়া ফাট মেলিছে৷ ২০১৫ চনত অৱসৰ গ্রহণ কৰা সেহৱাগে ক’চিং কৰাৰ লগতে ধাৰাভাষ্যকাৰৰ দায়িত্বও গ্রহণ কৰিছে৷ অৱশ্যে তেওঁৰ ব্যক্তিগত জীৱন কেতিয়াও লোকচক্ষুৰ সন্মুখলৈ অহা নাছিল৷

You might also like