নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগালেণ্ডৰ প্রাক্তন ৰাজ্যপাল অশ্বনী কুমাৰৰ আত্মহত্যা

নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ   চি বি আইৰ প্রাক্তন সঞ্চালক তথা নাগালেণ্ডৰ প্রাক্তন ৰাজ্যপাল অশ্বনী কুমাৰে আত্মহত্যা কৰিছে৷ মঙলবাৰে নিশা কুমাৰৰ মৃতদেহ উদ্ধাৰ হৈছে ছিমলাস্থিত বাসভৱনত৷ ছিমলাৰ আৰক্ষী অধীক্ষক মহিত চাওলাই সংবাদ সংস্থা এ এন আইক জনোৱা অনুসৰি নাগালেণ্ডৰ প্রাক্তন ৰাজ্যপালগৰাকীয়ে আত্মহত্যা কৰিছে৷ বিগত কেইবাসপ্তাহ ধৰি ৬৯ বছৰীয়া কুমাৰে মানসিক হতাশাত ভুগি আছিল৷ আৰক্ষীয়ে আত্মহত্যাৰ এক টোকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ এই জীৱনক লৈ অতিষ্ঠ হৈ পৰা বুলি টোকাটোত উল্লেখ কৰিছে কুমাৰে৷ স্মর্তব্য যে এগৰাকী অৱসৰপ্রাপ্ত আই পি এছ বিষয়া কুমাৰে হিমাচলত ২০০৬ৰ পৰা ২০০৮লৈকে আৰক্ষীপ্রধানৰ দায়িত্ব পালন কৰিছিল৷ ইয়াৰ পিছতে চি বি আইৰ সঞ্চালক হিচাপে দুবছৰ সেৱা আগবঢ়াইছিল কুমাৰে৷ স্মর্তব্য যে ২০১৩–১৪ত নাগালেণ্ডৰ ৰাজ্যপালৰ দায়িত্ব লাভ কৰা কুমাৰে কিছুদিনৰ বাবে মণিপুৰৰ ৰাজ্যপালৰ দায়িত্বও লাভ কৰিছিল৷

You might also like