🔹 ‘প্রধানমন্ত্রী সূর্য ঘৰ মুফ্ট বিজলী যোজনা’ৰ শুভ আৰম্ভণি
বিশেষ বাৰ্তা, ১৪ ফেব্রুৱাৰী : সৌৰশক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰিবলৈ দেশত ১ কোটি পৰিয়ালক বিনামূলীয়াকৈ ৩০০ ইউনিটলৈকে বিদ্যুৎ সেৱা আগবঢ়োৱা হ’ব৷ অন্তৰ্ৱর্তী বাজেটত এই কথা ঘোষণা কৰিছিল বিত্তমন্ত্রী নির্মলা সীতাৰমণে৷ লোকসভা নির্বাচনৰ পূর্বে সেই মেগা প্রকল্প মুকলি কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ কালি এই প্রকল্প মুকলি কৰি প্রধানমন্ত্রীগৰাকীয়ে কয় যে সৌৰশক্তিৰ ব্যৱহাৰ আৰু সুসংহত বিকাশৰ উদ্দেশ্যে আগত ৰাখি সকলোৱে আগবাঢ়ি আহিব লাগিব৷ বিশেষকৈ যুৱ সমাজ এই ক্ষেত্রত অগ্রসৰ হ’ব লাগিব৷ দেশৰ ১ কোটি পৰিয়ালক সৌৰ বিদ্যুৎ সেৱা প্রদানৰ এই আঁচনিৰ নাম ৰখা হৈছে ‘প্রধানমন্ত্রী সূর্য ঘৰ মুফ্ট বিজলী যোজনা’৷ এই প্রকল্পৰ অধীনত আবেদন কৰিলে সাধাৰণ নাগৰিকক কম খৰচত সৌৰ পেনেল বহুওৱাৰ ক্ষেত্রত সাহায্য আগবঢ়াব কেন্দ্রীয় চৰকাৰে৷ আনকি সৌৰ পেনেল স্থাপন কৰাৰ পিছত মাহত ৩০০ ইউনিট পর্যন্ত বিদ্যুৎ সেৱা আগবঢ়োৱা হ’ব বিনামূলীয়াকৈ৷ ইয়াৰ ফলত এই পৰিয়ালবোৰৰ খৰচ হ্রাস পাব ১৫ৰ পৰা ১৮ হাজাৰ টকা৷ এই প্রকল্পত কেন্দ্রই মুঠ খৰচ কৰিব ৭৫ হাজাৰ কোটি টকা৷ এই প্রকল্প মুকলি কৰি নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত এটা লিংকো পোষ্ট কৰি দিছে প্রধানমন্ত্রীয়ে৷ এই লিংক ক্লিক কৰিলেই প্রধানমন্ত্রী সূর্য ঘৰ মুফ্ট বিজলী যোজনা আবেদন কৰিব পৰা যাব৷