২০২১ৰ জানুৱাৰীৰ পৰা ভাৰতত ক’ভিড–১৯ৰ টিকাকৰণ
কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষবর্ধনে দিলে সুখবৰ
নিয়মীয়া বাৰ্তা ২২ ডিচেম্বৰঃ ব্রিটেইন আৰু আমেৰিকাত ফাইজাৰ তথা বায়’এনটেক কোম্পানীয়ে প্রস্তুত কৰা ক’ভিড ভেকচিন প্রদান প্রক্রিয়া আৰম্ভ হোৱাৰ পাছতে বিশ্বৰ বিভিন্ন দেশত মহামাৰী প্রতিৰোধৰ বাবে টিকাকৰণ প্রক্রিয়া ক্ষিপ্রতৰ কৰাৰ তৎপৰতা চলিছে৷ লক্ষণীয়ভাৱে ভাৰততো ক’ভিড–১৯ ২০২১ৰ জানুৱাৰীৰ পৰা ভাৰতত ভেকচিন প্রদানক লৈ চলি আছে চিন্তা–চর্চা৷ আজি কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডাঃ হর্ষবর্ধনে ঘোষণা কৰিছে যে আগন্তুক বর্ষৰ জানুৱাৰী মাহৰ যিকোনো এটা সপ্তাহতে দেশৰ ক’ৰোনা মহামাৰীৰ টিকাকৰণ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে৷ চৰকাৰে প্রথম ক’ভিড ভেকচিন কিমান দূৰ কার্যকাৰী আৰু নিৰাপদ হ’ব, সেই বিষয়টোত প্রাধান্য দিব বুলি ঘোষণা কৰিছে মন্ত্রীগৰাকীয়ে৷ মন্ত্রীগৰাকীৰ বক্তব্যৰ উদ্ধৃতি দি সংবাদ সংস্থা এ এন আয়ে সদৰী কৰিছে যে ব্যক্তিগতভাৱে মন্ত্রী হর্ষবর্ধনে জানুৱাৰীত ক’ভিডৰ টিকাকৰণ আৰম্ভ কৰিব পৰা যাব বুলি ধাৰণা কৰিছে৷ লক্ষণীয়ভাৱে ক’ভিড–১৯ ভেকচিন আৰু ইয়াৰ গৱেষণাৰ ক্ষেত্রত ভাৰত কোনো দেশতকৈ পিছপৰি থকা নাই বুলিও দাবী কৰিছে হর্ষবর্ধনে৷ ভাৰতৰ বিজ্ঞানী তথা চিকিৎসা বিশেষজ্ঞসকল বিৰামহীনভাৱে ভেকচিন প্রস্তুতৰ কামত লাগি আছে৷ গতিকে এইক্ষেত্রত ভাৰতে প্রত্যাশিতভাৱে সুফল পাব বুলিও মন্তব্য কৰিছে হর্ষবর্ধনে৷ অকল সেয়াই নহয়, আগন্তুক ৬–৭ মাহৰ ভিতৰত ভাৰতে ৩০ কোটি লোকক ক’ভিড–১৯ৰ ভেকচিন প্রদান কৰিবলৈ সক্ষম হ’ব বুলিও মন্ত্রী হর্ষবর্ধনে ঘোষণা কৰিছে৷ উল্লেখনীয় যে ভাৰতত ছটাকৈ ক’ভিড ভেকচিনৰ পৰীক্ষা বিভিন্ন পর্যায়ত চলি আছে৷ ক্লিনিকেল পৰীক্ষা চলি থকা এই ভেকচিনকেইটা হৈছে ক’ভিশ্বিল্ড, ক’ভাক্সিন, জাইক’ভ–ডি, স্পুটনিক–ভি, এন ভি এক্স, চি অ’ ভি–২৩৭৩ আৰু প্র’টিন এণ্টিজেননির্ভৰ ভেকচিন৷ লক্ষণীয়ভাৱে ব্রিটেইনত ক’ৰোনাৰ পৰিৱর্তিত নতুন প্রকাৰৰ ভাইৰাছৰ দ্রুত সংক্রমণত সংহাৰ সৃষ্টি হোৱাৰ লগে লগে দেশখনৰ সৈতে ভ্রমণৰ ক্ষেত্রত বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰিছে পৃথিৱীৰ কেইবাখনো দেশে৷ আজি ভাৰতেও ব্রিটেইনৰ দক্ষিণ–পশ্চিম প্রান্তৰ বিভিন্ন অঞ্চলত ক’ৰোনাৰ নতুন ভাইৰাছে পূর্বৰ মূল ভাইৰাছবিধতকৈ ৭০ গুণ অধিক দ্রুততাৰে সংক্রমণ কৰাৰ লগে লগে ইউৰোপীয় দেশখনৰ সৈতে বিমানসেৱা বাতিল কৰিছে৷ ব্রিটেইনৰ পৰা ভাৰতলৈ অহা আৰু ভাৰতৰ পৰা ব্রিটেইনলৈ যাবলগীয়া সকলো যাত্রীবাহী বিমানৰ সেৱা আগন্তুক ৩১ ডিচেম্বৰপর্যন্ত বাতিল হৈ থাকিব বুলি আজি কেন্দ্রীয় চৰকাৰে ঘোষণা কৰিছে৷ দেশৰ অসামৰিক উৰণ মন্ত্রালয়ৰ পৰা সদৰী কৰা অনুসৰি কাইলৈ নিশাৰ ভিতৰত ভাৰতলৈ আহিবলগীয়া ব্রিটেইনৰ বিমানযাত্রীসকলৰ আৰ টি–পি চি আৰ টেষ্ট বন্দৰতে বাধ্যতামূলক কৰা হৈছে৷ কাইলৈ নিশা ১১.৫৯ বজাৰ পৰা ৩১ ডিচেম্বৰৰ নিশা ১১.৫৯ বজালৈ ব্রিটেইনৰ পৰা আহিবলগীয়া তথা ভাৰতৰ পৰা যাবলগীয়া যাত্রীবাহী বিমানসমূহৰ সেৱা বাতিল কৰা হৈছে৷
ইউৰোপজুৰি আতংক
ব্রিটেইনত ক’ভিড–১৯ৰ নতুন ৰূপৰ ভাইৰাছে সংহাৰ আৰম্ভ কৰাৰ লগে লগে ইউৰোপজুৰি সৃষ্টি হৈছে আতংক৷ ইউৰোপীয় দেশ জার্মানী, ফ্রান্স আৰু ইটালীয়ে ইতিমধ্যে ব্রিটেইনৰ সৈতে বিমানসেৱা বাতিল কৰিছে৷ লক্ষণীয়ভাৱে চেনেল টানেলৰ জৰিয়তে চলা সকলো ৰে’লৰ যাত্রাও বাতিল কৰা হৈছে৷ ইফালে কানাডায়ো ব্রিটেইনৰ বিমান দেশখনৰ অভ্যন্তৰত প্রৱেশৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰিছে৷ স্মর্তব্য যে ব্রিটিছ চিকিৎসা বিশেষজ্ঞসকলে ক’ৰোনা ভাইৰাছৰ নতুন প্রকাৰৰ সংক্রমণ পূর্বতকৈ ৭০ গুণ অধিক ক্ষিপ্রতৰ বুলি ঘোষণা কৰিছে৷ অৱশ্যে মূল ক’ৰোনা ভাইৰাছতকৈ বর্তমানৰ এই পৰিৱর্তিত ভাইৰাছবিধ অধিক বিপজ্জনক হয় নে নহয়, সেই সন্দর্ভত কোনো ধৰণৰ প্রামাণিক তথ্য লাভ কৰা নাই চিকিৎসকসকলে৷ ব্রিটেইনৰ স্বাস্থ্য সচিব মেট হেনক’কে উল্লেখ কৰা অনুসৰি নতুন ভাইৰাছবিধৰ সংক্রমণ ইতিমধ্যে নিয়ন্ত্রণৰ বাহিৰলৈ গৈছে৷ ডেনমার্ক, ইটালী, নেদাৰলেণ্ডে ইতিমধ্যে এই ভাইৰাছবিধ চিনাক্ত কৰিবলৈ সক্ষম হোৱা বুলি দাবীও কৰিছে৷ আজি ইউৰোপীয় সংঘৰ নেতাসকলে ব্রিটেইনৰ ক’ভিড–১৯ৰ নতুন প্রকাৰৰ ভাইৰাছৰ দ্রুত সংক্রমণৰ লগে লগে দেশখনৰ সৈতে ভ্রমণ যোগাযোগ ৰক্ষা কৰিব নে নাই, তাক লৈ জৰুৰী আলোচনা আৰম্ভ কৰিছে৷ বি বি চিৰ সাংবাদিক গাৱিন লীয়ে ব্রুছেলছৰ পৰা প্রকাশ কৰা অনুসৰি ইউৰোপীয় সংঘৰ নেতাসকলে ইয়াৰ সদস্যভুক্ত ২৭খন দেশতে ফাইজাৰ–বায়’এনটেক ভেকচিন ব্যৱহাৰৰ বিষয়টোতো অনুমোদন জনোৱাৰ সম্ভাৱনা আছে৷ লক্ষণীয়ভাৱে ক’ভিড–১৯ৰ পৰিৱর্তিত নতুন ভাইৰাছবিধৰ উপস্থিতি অষ্ট্রেলিয়া আৰু দক্ষিণ আফ্রিকাতো ধৰা পৰিছে৷ দক্ষিণ আফ্রিকাত ব্রিটেইনত সংক্রমণ ঘটোৱা ক’ভিড–১৯ৰ নতুন প্রকাৰৰ ভাইৰাছৰ সৈতে পার্থক্য থকা ভাইৰাছ এবিধ ধৰা পৰিছে৷