নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপ্রিলত সমগ্র দেশত বলৱৎ হ’ব এক নূন্যতম মজুৰি

সংগঠিত খণ্ডৰ ৩.১ কোটি শ্রমিক–কর্মচাৰীলৈ সুখবৰ

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ নতুন বছৰৰ আৰম্ভণিতেহ দেশৰ সংগঠিত খণ্ডত জডিত প্রায় ৩.১ কোটি শ্রমিক–কর্মচাৰীলৈ সুখবৰ কঢ়িয়াই আনিছে কেন্দ্রীয় শ্রম মন্ত্রালয়ে৷ শীঘ্রেহ ৰাষ্ট্রীয় পর্যায়ত নির্ধাৰণ কৰা হ’ব শ্রমিক–কর্মচাৰীৰ বাবে নূ্যনতম মজুৰি মূল্য৷ সমগ্র দেশতে একেধৰণৰ ‘ৱেজ ক’ড’ (নূ্যনতম মজুৰি সম্পর্কীয় নিয়মাৱলী) নির্ধাৰণৰ বাবে বিগত বর্ষত শ্রম মন্ত্রালয়ে গঠন কৰা বিশিষ্ট শ্রম অর্থনীতিবিদ তথা পৰিসংখ্যাবিদ এছ পি মুখার্জী নেতৃত্বাধীন ৯জনীয়া চৰকাৰী পেনেলে অহা মার্চ মাহৰ ভিতৰত প্রতিবেদন দাখিল কৰিব৷ শ্রম মন্ত্রালয়ৰ এক শীর্ষ সূত্রই জানিবলৈ দিয়া মতে, মার্চ মাহত দাখিল কৰিবলগীয়া এহ প্রতিবেদনৰ ভিত্তিত এপ্রিল মাহতেই নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে সমগ্র দেশত এহ ‘ৱেজ ক’ড’ বলৱৎ কৰিব৷ অৱশ্যে নূ্যনতম মজুৰি অধিনিয়ম সংশোধন কৰিহে দেশত প্রযোজ্য হ’ব একে পৰিমাণৰ নূ্যনতম মজুৰি মূল্য৷

সূত্রটোৱে প্রকাশ কৰা মতে, শ্রম মন্ত্রালয়ক মুখার্জী পেনেলে অৱগত কৰিছে যে একে পৰিমাণৰ নূ্যনতম মজুৰি মূল্য নির্ধাৰণ কৰাৰ ক্ষেত্রত তেওঁলোক দুটা পর্যায়ৰ অৱতাৰণা কৰিছে৷ সেয়া হ’ল– চেণ্ড্রেল স্ফেয়াৰ আৰু ৰাজ্যসমূহে গ্রহণ কৰিবলগীয়া নূ্যনতম মজুৰিৰ হাৰ৷ চেণ্ড্রেল স্ফেয়াৰৰ অর্থ হৈছে যিসকল শ্রমিক–কর্মচাৰী নির্মাণকার্য, ৰাস্তা–ঘাটৰ মেৰামতি, বিমানবন্দৰৰ ৰানৱে’, চাফাহ, লোডিং–আনলোডিং, সুৰক্ষা আৰু শৃংখলাবদ্ধতাৰ বাবে নিয়োজিত চকীদাৰ বা আন নিৰাপত্তা কর্মীৰ লগতে কৃষিখণ্ডৰ সৈতে জডিত সেহসকলৰ বাবে ৰাষ্ট্রীয় পর্যায়ত নির্ধাৰণ কৰা নূ্যনতম মজুৰি আৰু দ্বিতীয়টো হৈছে ৰাজ্য চৰকাৰসমূহে বাধ্যতামূলকভাৱে নির্ধাৰণ কৰিবলগীয়া শ্রমিক–কর্মচাৰীৰ নূ্যনতম মজুৰি৷ লক্ষণীয়ভাৱে চৰকাৰী–বেচৰকাৰী– খণ্ডৰ সকলো শ্রমিক–কর্মচাৰীৰ বাবে নির্ধাৰণ কৰা হ’ব এহ নূ্যনতম মজুৰি মূল্য৷

মন কৰিবলগীয়া যে বিগত বর্ষত কেন্দ্রৰ লেবাৰ ব্যুৰ’হ প্রকাশ কৰা শেহতীয়া নিয়োগ সমীক্ষা অনুসৰি দেশৰ সংগঠিত খণ্ডত প্রায় ৩.১ কোটি শ্রমিক–কর্মচাৰী আছে৷ হয়াৰ ভিতৰত প্রায় ২ কোটি শ্রমিক–কর্মচাৰী হৈছে চৰকাৰী বা চৰকাৰৰ মালিকানাধীন সংস্থাত কর্মৰত৷ পৰিতাপৰ বিষয়টো হ’ল– চৰকাৰী বিভিন্ন সংস্থাত কর্মৰত শ্রমিক–কর্মচাৰীসক্ বাবেও ৰাষ্ট্রীয় পর্যায়ত নাই কোনো নূ্যনতম মজুৰি মূল্য৷ ইপিনে সূত্রটোৱে প্রকাশ কৰা মতে, শ্রম মন্ত্রালয়ৰ পোনপটীয়া পৰামর্শমর্মে মুখার্জী কমিটীয়ে মূলতঃ তিনিটা হডনিটৰ আধাৰত নূ্যনতম মজুৰি মূল্য শ্রমিক–কর্মচাৰীৰ প্রাপ্য নির্ধাৰণ কৰি আছে৷ কোৱা হৈছে নূ্যনতম মজুৰি নির্ধাৰণ কৰাৰ ক্ষেত্রত পতি–পত্নীক লৈ এটাকৈ মুঠ দুটা হডনিট আৰু দুহ সন্তানক লৈ এটা হডনিট হিচাপে মান্যতা প্রদান কৰা হ’ব৷ অর্থাৎ মুঠ তিনিটা হডনিটৰ আধাৰত এজন শ্রমিক–কর্মচাৰীৰ নূ্যনতম মজুৰি নির্ধাৰণ কৰা হ’ব৷ দৈনিক প্রতি হডনিটৰ বাবে কিমান খাদ্য তথা নিত্য প্রয়োজনীয় সামগ্রীৰ প্রয়োজন– এহ সকলো বিষয় সামৰি নির্ধাৰণ কৰা হ’ব নূ্যনতম মজুৰি মূল্য৷ বাসোপযোগী ব্যৱস্থাপনা তথা সাজ–পোছাকৰ বিষয়টোও হয়াৰ আওতাত থাকিব৷ এহক্ষেত্রত কেন্দ্রীয় চৰকাৰে ২০১৮ চনত গঠন কৰা অনুপ সৎপাঠী কমিটীৰ প্রতিবেদনখনো বেনার্জী পেনেলে অনুধাৱন কৰা বুলি সূত্রটোৱে জানিবলৈ দিয়ে৷

উল্লেখ্য যে প্রতিখন ৰাজ্যৰ কর্মসংস্থাপনৰ প্রকাৰত ভেদ আছে৷ এহক্ষেত্রত সমগ্র দেশৰ ভিতৰত মিজোৰামত সর্বনিম্ন তিনিটা অনুসূচীত কর্মসংস্থাপনৰ ব্যৱস্থা আছে৷ হয়াৰ বিপৰীতে দেশৰ ভিতৰত সর্বাধিক অসমত ১০২টা অনুসূচীত কর্মসংস্থাপন আছে৷ আনহাতে দেশৰ ভিতৰত নূ্যনতম নিৰিখত মজুৰি মূল্য প্রদান কৰা ৰাজ্যখন হৈছে নাগালেণ্ড৷ ৰাজ্যখনে অদক্ষ শ্রমিক–কর্মচাৰীৰ বাবে ধার্য কৰা দৈনিক নূ্যনতম মজুৰি হৈছে মাত্র ১১৫ টকা৷ সেইদৰে দেশৰ ভিতৰত সর্বাধিক নূ্যনতম মজুৰি প্রদান কৰা ৰাজ্যখন হৈছে দিল্লী৷ দিল্লীত এজন অদক্ষ শ্রমিকে লাভ কৰে দৈনিক নূ্যনতম ৫৩৮ টকা৷ অসমত এজন অদক্ষ শ্রমিকে এহ মুহূর্তত লাভ কৰে দৈনিক ২৯৮.২১ টকা৷ নূ্যনতম মজুৰিৰ নিৰিখ প্রদানৰ ক্ষেত্রত দেশত বিৰাজমান এহ বৈষম্য দূৰ কৰাৰ বাবেহ মোদী চৰকাৰে ২০২১ চনত চৰকাৰী পর্যায়ত পেনেল গঠন কৰিছিল৷ পিছে ইয়াৰ পূর্বে ২০১৮–১৯ চনৰ অর্থনৈতিক সমীক্ষাতো দেশত ৰাষ্ট্রীয় পর্যায়ত নূ্যনতম মজুৰি মূল্য নির্ধাৰণ কৰাৰ বাবে গুৰুত্ব আৰোপ কৰিছিল৷ সামাজিক ন্যায় আৰু প্রব্রজন ৰোধৰ বাবেহ অর্থনৈতিক সমীক্ষাত এহ পৰামর্শ প্রদান কৰা হৈছিল৷ ইয়াৰ পাছত শ্রম মন্ত্রালয়ে ২০২১ চনত প্রথমতে গঠন কৰিছিল হনষ্টিটিডট অৱ হক’নমিক গ্রোথৰ অধ্যক্ষ অজিত মিশ্রৰ নেতৃত্বাধীন পেনেল৷ পাছত মিশ্রকে ধৰি নজনীয়া পেনেলৰ আন এজন সদস্যহ পদত্যাগ কৰা হেতু এছ পি মুখার্জীৰ নেতৃত্বত পুনৰ এহ পেনেল গঠন কৰা হৈছিল৷ লক্ষণীয়ভাৱে ৩ বছৰৰ বাবে চৰকাৰী এহ পেনেল গঠন কৰা হৈছিল যদিও যোৱা প্রায় এবছৰৰ ভিতৰত ১০খনকৈ বৈঠক অনুষ্ঠিত কৰি মুখার্জী পেনেলে এতিয়া মার্চ মাহৰ ভিতৰত প্রতিবেদন দাখিল কৰিবলৈ সাজু হৈছে৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ইয়াৰ পূর্বে সৎপাঠী কমিটীয়ে ৰাষ্ট্রীয় নূ্যনতম মজুৰি দৈনিক ৩৭৫ টকা আৰু মাহেকীয়াকৈ ৯,৭৫০ টকা ধার্য কৰিছিল৷ চহৰ তথা নগৰত কর্মৰত শ্রমিক–কর্মচাৰীৰ বাবে মাহেকীয়াকৈ অতিৰিক্ত ১,৪৩০ টকাৰ আৱাস ভাট্টা প্রদানৰো পোষকতা কৰিছিল৷ কিন্তু সৎপাঠী কমিটীয়ে প্রদান কৰা প্রতিবেদনত ধার্য কৰা হডনিটক লৈ বিভ্রান্তি সৃষ্টি হৈছিল৷ সেয়েহে মুখার্জী পেনেল গঠন কৰাৰ পূর্বে শ্রম মন্ত্রালয়ে কেইবাটাও সুনির্দিষ্ট বিষয় সামৰি ল’বলৈ পৰামর্শ প্রদান কৰিছিল৷ সূত্রটোৱে প্রকাশ কৰা মতে, শ্রম মন্ত্রালয়ৰ সৈতে সম্পর্ক স্থাপন কৰিহে মুখার্জী পেনেলে এহবাৰৰ নূ্যনতম মজুৰি মূল্য নির্ধাৰণ কৰাত ব্রতী হৈছে৷ সেয়েহে মার্চ মাহত প্রতিবেদন দাখিল কৰাৰ এমাহৰ ভিতৰতেহ মোদী চৰকাৰে নূ্যনতম মজুৰি অধিনিয়মৰ সংশোধন কৰি সমগ্র দেশতে বলৱৎ হোৱাকৈ একে পৰিমাণৰ অর্থাৎ ৰাষ্ট্রীয় পর্যায়ত নূ্যনতম মজুৰি মূল্য নির্ধাৰণ কৰাৰ স্থিৰ সিদ্ধান্তত ডপনীত হৈছে৷ লক্ষণীয়ভাৱে দেশ–বিদেশৰ অর্থনীতিবিদসকলৰ গৱেষণাত দেখা গৈছে যে ৰাষ্ট্রীয় পর্যায়ত এক নূ্যনতম মজুৰি মূল্য থাকিলে সংশ্লিষ্ট দেশৰ মধ্যবিত্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে দেশৰ দৰিদ্রতাৰ হাৰো বহুলাংশে হ্রাস পায়৷ সেয়েহে কোনো সন্দেহ নাই ভাৰততো ৰাষ্ট্রীয় পর্যায়ত নূ্যনতম মজুৰি মূল্য নির্ধাৰিত হ’লে দেশৰ দৰিদ্রতাৰ হাৰ হ্রাস পোৱাৰ লগতে মধ্যবিত্তৰ সংখ্যাও ব্যাপক হাৰত বৃদ্ধি পোৱাৰ সম্ভাৱনা প্রকট৷ সেইদৰে ৰাজ্যভেদে নূ্যনতম মজুৰি মূল্যৰ নিৰিখলৈ থকা বৈষম্যও ইয়াৰ লগে লগে দূৰ হ’ব৷ ডল্লেখ্য যে নূ্যনতম মজুুৰি মূল্য নির্ধাৰণৰ ক্ষেত্রত দক্ষ, অদক্ষ সকলো শ্রেণীৰ শ্রমিক–কর্মচাৰীক সামৰি লোৱা হ’ব৷

You might also like