নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঠেঙাল কছাৰী স্বাঃ শাঃ পৰিষদৰ নিৰ্বাচনঃ নগাবাট-বৰহোলা সমষ্টিৰ বিভিন্ন ঠাইত কাৰ্যালয় উদ্বোধনেৰে প্ৰাৰ্থীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰী: সমাগত ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন। ক্ৰমাৎ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে ১ নং নগাবাট আৰু ২ নং বৰহোলা সমষ্টিত। বিজেপি মিত্ৰযোঁট আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে আজি সমষ্টি দুটাৰ কেইবাঠাইতো নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰি ৰাইজক ভোটদানৰ আহ্বান জনায়। আটাইকেইটা নিৰ্বাচনী কাৰ্যালয় উদ্বোধনৰ সময়ত যথেষ্ট সংখ্যক ভোটাৰ ৰাইজৰ ভীৰ পৰিলক্ষিত হৈছিল। ১ নং নগাবাট সমষ্টিৰ বিজেপি মিত্ৰযোঁটৰ জনপ্ৰিয় প্ৰাৰ্থী বিপুল কছাৰীয়ে আজি বালিজানত বিপুল ৰাইজৰ সন্মুখত প্ৰথমটো নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰি প্ৰচাৰ চলায়।

কাৰ্যসূচীত বিজেপিৰ যোৰহাট জিলাৰ সভাপতি হেমন্ত কলিতা, পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ কছাৰী আদিয়ে সংগ দিয়ে। উল্লেখ্য যে বিগত কাৰ্যকালত পৰিষদৰ ১ নং নগাবাট সমষ্টিৰ এগৰাকী সক্ৰিয় কাৰ্যবাহী সদস্য হিচাপে আছিল বিপুল কছাৰী। সেয়ে ৰাইজৰ মাজত যথেষ্ট জনপ্ৰিয়তা থকা বিপুল কছাৰীয়ে এইবাৰো শক্তিশালী ৰূপত ১ নং নগাবাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াছে।

ৰাইজৰ সহযোগিতা আৰু উৎসাহ দেখি আনন্দিত হৈ পৰাৰ কথা প্ৰকাশ কৰি বিপুল কছাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে এই নিৰ্বাচনত সকলো ৰাইজ চৰকাৰৰ সপক্ষে থাকিব। চৰকাৰে যিহেতু যথেষ্ট উন্নয়নমূলক কাম কৰিছে। সেয়ে এইবাৰ ৰাইজে বিজেপিক ভোট দান কৰাতো নিশ্চিত। ইয়াৰ পিছতে নগাবাটৰ পানীখেতি অঞ্চলত দ্বিতীয়টো কাৰ্যালয় উদ্বোধন কৰে বিপুল কছাৰীয়ে। আনহাতে ২ নং বৰহোলা সমষ্টিত অগপ-বিজেপি মিত্ৰযোঁটৰ প্ৰাৰ্থী মনচুমী পাঠকৰ নিৰ্বাচনী কাৰ্যালয় আজি উদ্বোধন কৰে। কাৰ্যালয় উদ্বোধনৰ সময়ত উপস্থিত থকা বহু সংখ্যক ৰাইজক ভোটদান কৰিবলৈ আহ্বান জনোৱাৰ লগতে ২ নং বৰহোলা সমষ্টিটোৰ উন্নয়ণ স্বাৰ্থত দৃঢ়তাৰে ৰাইজৰ কাম কৰি যাবলৈ সংকল্পবদ্ধ বুলি মতপোষণ কৰে মনচুমী পাঠকে। কাৰ্যসূচীত অগপৰ জ্যেষ্ঠ কৰ্মী গোপাল বড়া, বিবুল হাজৰিকা, দিপাংক বৰা, বিজেপিৰ কুমুদ কছাৰী, দেৱজিৎ সোণোৱাল, প্ৰমীলা সোণোৱাল আদি উপস্থিত থাকি উন্নয়ণৰ স্বাৰ্থত ৰাইজক অগপ-বিজেপি মিত্ৰযোঁটৰ প্ৰাৰ্থী গৰাকীক ভোটদান কৰিবলৈ আহ্বান জনায়। ইফালে ২ নং বৰহোলা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াইছে নিৰ্দলীয় প্ৰাৰ্থী বন্দিতা শইকীয়াই। আজিৰ দিনটোতো বহু সংখ্যক সমৰ্থকক লগত লৈ ভোটাৰ ৰাইজৰ ঘৰে ঘৰে গৈ ব্যাপক প্ৰচাৰ চলাইছে বন্দিতা শইকীয়াই। পুৱাতে ২ নং বৰহোলা সমষ্টিৰ চেৰেলী গোঁহাই গাঁৱত এটা কাৰ্যালয় উদ্বোধন কৰি ভোটাৰ ৰাইজক ভোটদানৰ আহ্বান জনায় নিৰ্দলীয় প্ৰাৰ্থী বন্দিতা শইকীয়াই। বন্দিতা শইকীয়াৰ কাৰ্যালয় উদ্বোধনৰ সময়ত উপস্থিত থকা বহু সংখ্যক ৰাইজে ‘বন্দিতা শইকীয়া জিন্দাবাদ” ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত ভোটাৰ ৰাইজৰ সহাৰিয়ে আনন্দিত কৰি তোলাৰ লগতে নিশ্চিতভাৱে বিপুল ভোটত জয়যুক্ত হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে নিৰ্দলীয় প্ৰাৰ্থী বন্দিতা শইকীয়াই।

নগাবাট-বৰহোলা সমষ্টিৰ প্ৰান্তে প্ৰান্তে এনেদৰে প্ৰাৰ্থীসকলে নিজা নিজা সমৰ্থকক লৈ ব্যাপক প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে যদিও কোনে কিমান ভোটাৰ ৰাইজৰ মন জয় কৰিব পাৰে সেয়া লক্ষণীয় হ’ব।

প্ৰেৰকঃ অজয় শইকীয়া, নগাবাট

You might also like