নিয়মীয়া বাৰ্তা, ১জুলাইঃ মহাৰাষ্ট্রৰ ৰাজনীতিত জোকাৰণি তুলি শিৱসেনা নেতৃত্বাধীন মহা বিকাশ আঘাড়ী চৰকাৰৰ পতন ঘটাই নাটকীয়ভাৱে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্রী হ’ল একনাথ সম্ভাজী শিন্দে৷ শিৱসেনাৰ এগৰাকী সাধাৰণ শিৱসৈনিকৰ পৰা বিধায়ক আৰু পিছলৈ দলটোত বিসম্বাদেৰে মুখ্যমন্ত্রী হোৱা একনাথ শিন্দেই চাটাৰাৰ পৰা থানেলৈ আহিছিল শিক্ষা সম্পূর্ণ কৰিবলৈ৷ পৰিয়ালৰ ভৰণ–পোষণত আর্থিক সহায়ৰ বাবে থানেত শিক্ষাগ্রহণ কৰি থকাৰ লগতে অটোচালক হিচাপে কর্মজীৱন আৰম্ভ কৰে৷ ১৯৬৪ চনৰ ৯ ফেব্রুৱাৰীত মাৰাঠা পৰিয়ালত চাটাৰাত জন্মগ্রহণ কৰা একনাথ শিন্দেই মংগলা হাইস্কুলত শিক্ষা সম্পূর্ণ কৰাৰ পিছত থানেৰ জুনিয়ৰ কলেজত নামভর্তি কৰে৷ কিন্তু পৰিয়ালক আর্থিক সহায় কৰিবৰ বাবেই শিক্ষা আধৰুৱা কৰি অটোচালক হিচাপে কর্মজীৱন আৰম্ভ কৰে৷ অটো চলাই থকাৰ সময়তে শিন্দেই শিৱসেনাৰ শক্তিশালী নেতা আনন্দ দীঘেৰ সংস্পর্শলৈ আহে আৰু তেওঁৰ আদর্শত অনুপ্রাণিত হৈ পূর্ণকালীন শিৱসৈনিক হৈ পৰে৷ এই সময়ছোৱাত তেওঁ আনকি ট্রাকো চলাইছিল৷ শিৱসৈনিক হিচাপে দলৰ শ্রমিক ইউনিয়ন গঠন কৰি শিন্দেই তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰে৷ শিৱসেনাৰ মুৰব্বী বালাচাহেবৰ প্রতি আকর্ষিত আৰু অনুপ্রাণিত হৈ তেওঁ ৰাজ্যখনত শিৱসেনাৰ হৈ অনেক আন্দোলনত অংশগ্রহণ কৰে৷ মহাৰাষ্ট্র–কর্ণাটক সীমান্তৰ বেলাগাভীক লৈ আন্দোলন কৰাৰ সময়ত গ্রেপ্তাৰ হোৱা শিন্দেই ৪০ দিন কাৰাবাস খাটে৷ নিজকে দক্ষ আৰু নিষ্ঠাৱান শিৱসৈনিক হিচাপে গঢ়ি তোলাৰ পিছত একনাথ শিন্দেই ১৯৯৭ চনত থানেৰ পৌৰ নিগমৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰে আৰু প্রথমবাৰতেই জয়লাভ কৰে৷
থানেত শিৱসেনাৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ লগতে অঞ্চলটোত শিৱসেনাৰ ভেটি সুদৃঢ় কৰাত গুৰুত্বপূর্ণ ভূমিকা লোৱা একনাথ শিন্দে ২০০৪ চনত প্রথমবাৰৰ বাবে বিধানসভালৈ নির্বাচিত হয়৷ পৰৱর্তী সময়ত শিৱসেনাৰ প্রতিষ্ঠাতা বাল ঠাকৰেৰ ভতিজা ৰাজ ঠাকৰেই পৰিয়ালকেন্দ্রিক সংঘাতৰ বাবে শিৱসেনা এৰি নতুন দল মহাৰাষ্ট্র নৱনির্মাণ সেনা গঠন কৰাৰ পিছতেই শিৱসেনাত একনাথ শিন্দেৰ স্থিতি শক্তিশালী হয়৷ চাৰিবাৰকৈ বিধানসভালৈ নির্বাচিত হোৱা শিন্দেক দলটোৰ সংকটমোচক হিচাপেও জনা যায়৷ কপ্রি–পাঁচপাখাড়ী বিধানসভা সমষ্টিৰ বিধায়ক ৫৮ বছৰীয়া একনাথ শিন্দে মহাৰাষ্ট্রৰ ২০সংখ্যক মুখ্যমন্ত্রী৷
উল্লেখ্য যে চলিত বর্ষৰ ২১ জুনত শিৱসেনাৰ মুৰব্বী তথা এমভিএ চৰকাৰৰ মুখ্যমন্ত্রী উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে বিসম্বাদ কৰি ৩০ জুনত ৰাজ্যখনৰ মুখ্যমন্ত্রী পদত অধিষ্ঠিত হয় শিন্দে৷ শিন্দেৰ পুত্র ডাঃ শ্রীকান্ত শিন্দে কল্যাণ লোকসভা সমষ্টিৰ সাংসদ আৰু ভাতৃ প্রকাশ শিন্দে এগৰাকী কাউঞ্চিলৰ৷