নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ মহামাৰী ক’ভিড–১৯য়ে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে দিল্লী বিশ্ববিদ্যালয়ৰ প্রথমবাৰৰ বাবে পূর্ণাংগ অনলাইন নামভর্তি প্রক্রিয়া সোমবাৰৰে পৰা আৰম্ভ কৰিছে৷
বিশ্ববিদ্যালয় কর্তৃপক্ষই প্রকাশ কৰা মতে চলিত বর্ষত নামভর্তি প্রক্রিয়া পূর্ণাংগ ৰূপত অনলাইনত হ’ব৷ গতিকে নামভর্তিৰ বাবে কোনো শিক্ষার্থীকে বিশ্ববিদ্যালয়ৰ চৌহদলৈ নাহিবলৈ পৰামর্শ আগবঢ়াইছে৷
উল্লেখ্য যে যোৱা শনিবাৰে বিশ্ববিদ্যালয়খনৰ লেডী শ্রীৰাম কলেজে প্রথম কাট অফ তালিকা প্রকাশ কৰিছিল৷ তালিকা মতে কলেজখনত তিনিটা বিষয়ত অনার্ছত কাট অফ মার্ক ১০০ শতাংশ৷ ৫ বছৰৰ মূৰকত দিল্লী বিশ্ববিদ্যালয়ৰ আণ্ডাৰ গ্রেজুৱেট পাঠ্যক্রমৰ ১০০ শতাংশ কাট মার্ক ঘোষণা কৰা হৈছে৷ লেডী শ্রীৰাম কলেজত অর্থনীতি অনার্ছ, ৰাজনীতি বিজ্ঞান অনার্ছ আৰু মনোবিজ্ঞানত নামভর্তিৰ কাট অফ মার্ক ১০০ শতাংশ৷
বিশ্ববিদ্যালয়খনত নামভর্তিৰ বাবে প্রায় ৭০ হাজাৰ আসন আছে যদিও দেশজুৰি ৩.৫৪ লক্ষাধিকে আবেদন জনাইছে৷ বিশ্ববিদ্যালয় কর্তৃপক্ষই নিজস্ব ৱেবছাইটত মহাবিদ্যালয়সমূহত নামভর্তিৰ বাবে প্রয়োজনীয় কাট মার্কৰ তালিকা প্রকাশ কৰিছে৷