নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলন্ত ৰে’লত দলবদ্ধ ধৰ্ষণ! ৪ অভিযুক্তক গ্ৰেপ্তাৰ, পলাতক আন ৪

নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ মুম্বাইত চলন্ত ৰে’লত এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণৰ সন্দৰ্ভত ৮ জন দুৰ্বৃত্তৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। আৰক্ষীয়ে শনিবাৰে জনোৱা মতে ইতিমধ্যে ঘটনা সন্দৰ্ভত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু বাকী ৪ জন এতিয়াও পলাতক হৈ আছে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে পলাতক অভিযুক্তকেইজনক বিচাৰি অভিযান চলাই থকা হৈছে।

ৰে’লখন কিছু সময়ৰ বাবে ইগতাপুৰী নামৰ এটা ষ্টেচনত ৰৈছিল। সেই সময়তে অভিযুক্তকেইজনে বলপূৰ্বক ৰে’লৰ কম্পাৰ্টমেণ্টত প্ৰৱেশ কৰিছিল। প্ৰথমে দুৰ্বৃত্তকেইজনে কমেও ২০ জন লোকক লুণ্ঠন চলাইছিল। যাত্ৰীসকলে কোৱা মতে তেওঁলোকৰ প্ৰত্যেকৰে ওচৰত তীক্ষ্ণ অস্ত্ৰ আছিল। অভিযুক্তকেইজনে পাঁচজন যাত্ৰীকো অস্ত্ৰৰ দ্বাৰা আঘাত কৰিছিল।

তাৰ পিছতে তেওঁলোকে ত্ৰিশ উৰ্ধৰ এগৰাকী মহিলাক আক্ৰমণ কৰি তেওঁক প্ৰায় আধা ঘণ্টা ধৰি যৌন নিৰ্যাতন কৰিছিল। তেতিয়াই যাত্ৰীসকলে ৰে’লখন কাচাৰা ষ্টেচনত এলাৰ্ম চেইন টানি ৰখাইছিল। ষ্টেছনটোত থকা জিআৰপি জোৱানসকল সেই স্থানত উপস্থিত হৈ অভিযুক্ত দুজন লোকক গ্ৰেপ্তাৰ কৰে যদিও আনসকল ঘটনাস্থলীৰ পৰা পলায়ন কৰে। পিছত আন দুজনক গ্ৰেপ্তাৰ কৰা হয়। ইতিমধ্যে আনকেইজন অভিযুক্তক বিচাৰি অভিযান চলাই থকা হৈছে।

You might also like