নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাটশিঙিমাৰীত ৪০ গৰাকী দৰিদ্ৰ হিতাধিকাৰীক ছ’লাৰ বিতৰণ

নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থ মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত কালি বিয়লি প্ৰায় ৩ বজাত জিলাখনৰ মুঠ ৪০ গৰাকী অন্যান্য পিছপৰা শ্ৰেনীৰ দৰিদ্ৰ হিতাধিকাৰীক ছ’লাৰ বিতৰণ কৰা হয়।

উল্লেখ্য যে হাটশিঙিমাৰী মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত যোৱা ৩ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰলৈ জিলাখনৰ মুঠ ৮৭৫ গৰাকী অন্যান্য পিছপৰা শ্ৰেনীৰ দৰিদ্ৰ হিতাধিকাৰীক বিভিন্ন সামগ্ৰী বিতৰণ কৰি আহিছে। কালি কাৰ্যালয়খনৰ পৰা ৪০ গৰাকী হিতাধিকাৰীক ছ’লাৰ, ছ’লাৰ লাইট, ফেন আদি বিতৰণ কৰা হয়। বিদ্যুত সংযোগ নথকা অন্যান্য পিছপৰা শ্ৰেনীৰ দৰিদ্ৰ পৰিয়ালক এইদৰে ছ’লাৰ বিতৰণ কৰাত হিতাধিকাৰীসকলে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

 

You might also like