নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথালি পাহাৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উদযাপনৰ প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ লখিমপুৰ জিলাৰ অসম-অৰুণাচলৰ সীমান্তৱতী পথালি পাহাৰত জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্ম জয়ন্তী ভাগ দুদিনীয়া কাৰ্যসূচীৰে উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে৷ পথালি পাহাৰ আঞ্চলিক কেন্দ্ৰীয় জন্মোৎসৱ সমিতিৰ উদ্যোগত ‌ ন পমুৱা কীৰ্তন গৃহত দুদিনীয়াকৈ অহা ২৮ আৰু ২৯ আহিনত অনুষ্ঠিত হ’বলগীয়া জন্মোৎসৱ ভাগত প্ৰথম দিনৰ কাৰ্যসূচীত পুৱা উষা কীৰ্তনৰে আৰম্ভ হ’বলগীয়া অনুষ্ঠানত বহু কেইটা মাংগলিক অনুষ্ঠান আয়োজন কৰিছে আয়োজক সমিতিয়ে। লগতে ৰাতিলৈ পথালি পাহাৰ শিশু শিল্পীসকলৰ দ্বাৰা মৎস্য অৱতাৰৰ চাৰি বেদ উদ্ধাৰ ভাওনা প্ৰদৰ্শন কৰা হ’ব বুলি অৱগত কৰে।

ইফালে দ্বিতীয় দিনৰ কাৰ্য্যসূচী অনশসৰি পুৱা উষা কীৰ্তনৰে আৰম্ভ হ’বলগীয়া অনুষ্ঠানত দুপৰীয়া ১২ বজাৰ পৰা এখনি ধৰ্মালোচনী সভা অনুষ্ঠিত হ’ব৷ ৰাতিলৈ ন পমুৱা গাঁৱৰ যুৱক বৃন্দৰ দ্বাৰা “শালিবান উপাখ্যান” ভাওনা প্ৰদৰ্শন কৰা হ’ব বুলি উদযাপন সমিতিয়ে জনাইছে।

-মুকুল ভূঞা ,বান্দৰদেৱা

You might also like