🔹 ছ’চিয়েল মিডিয়াত আশ্চর্যজনক ঘটনাৰ ভিডিঅ’ ভাইৰেল
নিউজ ডেস্ক, ১১ এপ্রিল : সাধু কথা নহয়৷ গৰু–ছাগলীয়ে গছত উঠিব নোৱাৰে বুলি সকলোৰে জ্ঞাত৷ কিন্তু বাস্তৱত ইয়াৰ ওলোটা ঘটনা দেখিবলৈ পোৱা গ’ল৷ এটা ছাগলীয়ে বিদ্যুতৰ খুঁটা বগাই তাঁৰত ওলমি থকা ঘাঁহ খালে নির্ভয়ে৷ এই ঘটনাৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ ঘটনাটো কোন স্থানৰ সেয়া জানিব পৰা হোৱা নাই৷ পথাৰৰ পৰা আহি পথত ঘূৰি ফুৰিছিল ছাগলীটোৱে৷ হঠাতে ছাগলীটোৰ নজৰলৈ আহে বিদ্যুতৰ তাঁৰৰ ওপৰত ওলমি থকা সেউজ ঘাঁহলৈ৷ কোনোমতে খুঁটা বগাই এই তাঁৰত উঠে ছাগলীটো আৰু নির্ভয়ে সতেজ ঘাঁহ খাবলৈ ধৰে৷ তলত পথচাৰীয়ে এই ঘটনা দেখা পোৱাৰ লগে লগে ইয়াৰ ভিডিঅ’ বনায়৷ বিভিন্ন মহলে আশ্চর্য প্রকাশ কৰিছে এই ঘটনাক লৈ৷ বৈদ্যুতিক তাঁৰৰ ওপৰত এনেদৰে ভাৰসাম্য ৰক্ষা কৰি থিয় হৈ ছাগলীটোৱে ঘাঁহ খোৱা দৃশ্য সঁচাকৈয়ে আশ্চর্যজনক৷ ফেচবুক, ইনষ্টাগ্রাম, এক্স হেণ্ডেলত মুহূর্তৰ ভিতৰতে এই দৃশ্য ভাইৰেল হৈ পৰে৷ একাংশই দাবী কৰা অনুসৰি, এই ভিডিঅ’টো সত্য নহয়৷ কিন্তু গৰিষ্ঠসংখ্যকে দাবী কৰিছে যে পোহনীয়া পশুবোৰে বিভিন্ন সময়ত আশ্চর্যকৰ ঘটনা সংঘটিত কৰি দেখুৱায়৷ সাধাৰণ হাঁহ–কুকুৰাই খেদি পঠিয়ায় প্রকাণ্ড ম’হ–গৰুক৷ আনকি বিভিন্ন সময়ত কুকুৰ–মেকুৰীয়ে অদ্ভুত কাণ্ড ঘটায়৷ গতিকে এই ছাগলীটোৱে বৈদ্যুতিক তাঁৰৰ ওপৰত উঠি ঘাঁহ খোৱা ঘটনা অবিশ্বাস্য নহয়৷ আমাৰ চৌপাশে প্রতি মুহূর্ততে এনে ঘটনা সংঘটিত হৈ থাকে বুলি ছ’চিয়েল মিডিয়াত এই ভিডিঅ’ দেখাৰ পাছতে বিভিন্নজনে দাবী কৰিছে৷ আটাইতকৈ গুৰুত্বপূর্ণ বিষয়টো হৈছে- মানুহেই হওক বা পশুৱেই হওক, পেটৰ ভোক নিবাৰণৰ বাবে অতি বিপজ্জনক পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সকলোৱে বাধ্য হয়৷ ছাগলীটোৱে তাঁৰৰ ওপৰত উঠি ঘাঁহ খাই সেই কথাকেই পুনৰ প্রমাণ কৰিলে বুলিও একাংশই দাবী কৰিছে৷