নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাহাৰৰ বুকুত ঝুলন্ত ৰেস্তোঁৰা, দেশত ৰোমাঞ্চকৰ অভিজ্ঞতাৰে খোৱাৰ প্ৰথম ব্যৱস্থা

বিশেষ বাৰ্তা, ১৫ জুনঃ মাটিৰ পৰা ১৬০ ফুট উচ্চতাত বহি পাত পাৰি খোৱা-বোৱা, ভাবিব পাৰিনে? মানালিত এনে এটি কার্যতঃ ‘অসম্ভৱ’ক সম্ভৱ কৰা হৈছে। পাহাৰৰ কোলাত তৈয়াৰ হৈছে ঝুলন্ত ৰোস্তোঁৰা। মানালিৰ এই আশ্বৰ্যকৰ ৰেস্তোঁৰাখনৰ নাম ফ্লাই ডাইনিং। পর্যটকসকলক যেন চুম্বকৰ দৰে টানিছে। লাঞ্চ তথা ডিনাৰ, ফ্লাই ডাইনিঙত সকলো পোৱা যায় আকাশচুম্বী উচ্চতাত। হিমাচল প্রদেশতো বাদেই, পাহাৰৰ কোলাত ঝুলন্ত ৰেস্তোঁৰা এইখনেই প্রথম, দাবী কৰিছে উদ্যোক্তাসকলে।

লগতে কোৱা হৈছে মানালিৰ এই ‘ফ্লাই ডাইনিং’ পৃথিৱীৰ সবাতোকৈ উচ্চৰ ঝুলন্ত ৰেস্তোঁৰা। এই ৰেস্তোৰাঁত ২৪খন আসনৰ এখন টেবুল আছে। সেইখন ক্রেনৰ সহায়ত তুলি ধৰা হৈছে ১৬০ ফুট উচ্চতাত। শূন্যত দুলি থাকে টেবুলখন। তাৰ লগত আছে ২৪খন চকী। এই ৰেস্তোঁৰাত যিয়ে খাবলৈ বহে তেওঁলোকৰ প্রত্যেকৰে শৰীৰত বান্ধি দিয়া হয় ছীট বেল্ট। লোভনীয় খাদ্য খাই প্রকৃতিৰ মনোৰম সৌন্দর্য উপভোগ কৰিব পাৰে পৰ্যটকে। মানালিৰ এই ৰেস্তোঁৰা এতিয়া পর্যটকৰ আকর্ষণৰ কেন্দ্রবিন্দু হৈ উঠিছে। মানালিৰ ফ্লাই ডাইনিং ৰেস্তোঁৰাৰ মালিক দমন কাপুৰ। তেওঁ কৈছে ঝুলন্ত ৰেস্তোঁৰা গোৱা, নয়ডাতো আছে। পাহাৰৰ এনে ৰেস্তোঁৰা আমাৰ দেশত আন ক’তো নাই। মানালিতেই প্রথম।

এই ৰেষ্টুৰেণ্টত খোৱাৰ পাঁচটা পর্ব আছে। দুটা লাঞ্চ, দুটা ডিনাৰৰউপৰি এটা ছানডাউনৰ ছেচন। প্রতিটো ছেচনৰ সময়সীমা ৪৫ মিনিট। পর্যটকে নির্দিষ্ট সংখ্যক টেবুল বুক কৰিব পাৰে, অথবা বিচাৰিলে গোটেই টেবুলখনে বুক কৰিব পাৰে নির্দিষ্ট ছেচনৰ বাবে। এইখন ৰেষ্টুৰেণ্ট তৈয়াৰত খৰচ পৰিছে ৯ কোটি টকাৰো বেছি। খোৱা-বোৱাৰ পেকেজৰ খৰচ অৱশ্যে কিছু বেছি। এজনৰ বাবে ৩৯৯৯ টকাকৈ দিব লাগে ৰোমাঞ্চকৰ এই অভিজ্ঞতাৰ বাবে। ইয়াত বীমা, নৃত্য-গীত তথা ব্যক্তিগত ফটোগ্রাফী চার্জ যোগ কৰা আছে।

You might also like