নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রবল বৃষ্টি, ভূমিস্খলনঃ দুর্যোগত লণ্ডভণ্ড ছিকিম, বিপাকত পর্যটক

বিশেষ বাৰ্তা, ১৫ জুনঃ অহা চাৰিদিনলৈ পাহাৰীয়া জিলাবোৰত অতিপাত বৃষ্টিৰ পূর্বাভাস দিয়া হৈছিল। তাৰ লগতে জাৰি কৰা হৈছিল কমলা সতর্কতা। তাৰ মাজতেই দেখা গৈছে দুর্যোগত বিপর্যস্ত ছিকিম। ছিকিমৰ বহু অঞ্চল প্রবল বৃষ্টিত ভূমিস্খলন হৈছে। যাৰ ফলত বন্ধ হৈছে যান-বাহনৰ চলাচল। দুর্যোগত থমকি ৰৈছে ছিকিম। মঙলবাৰে গোটেই ৰাতি তাত প্রবল বৃষ্টি পৰিছে। পাহাৰৰ পৰা পানীৰ ঢল বাগৰিছে। প্রথমে ভূমিস্খলনত ভাঙি পৰা পাহাৰৰ অংশ আঁতৰাই যান-বাহনৰ চলাচল কিছু স্বাভাৱিক কৰা হৈছিল। তাৰ পিছত পুনৰ ঢল নামে। ইয়াত সবাতোকৈ বেছি ক্ষতিগ্রস্ত হৈছে ২০ মাইলৰ ১০ নম্বৰ ৰাষ্ট্ৰীয় পথ। ছিকিমলৈ যোৱা পথত ব্যাপক যান জঁটৰ সৃষ্টি হৈছে। সিংথাম, ৰংপোৰ যোগাযোগ বিচ্ছিন্ন হৈছে। ৰোৰাথাং, তেমি তাৰকুৰ ৰাস্তা বিধ্বস্ত। বিপদত পৰিছে পর্যটকসকল। জোৰদাৰ গতিত চলিছে বাট মোকোলোৱাৰ কাম। অহা পাঁচ দিনত ছিকিমত এনেকুৱাই বতৰ হ’ব পাৰে বুলি জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰেড এলাৰ্ড জাৰি হ’ব পাৰে। প্ৰবল বৃষ্টিৰ ফলত দার্জিলিঙতো ধল নমাৰ আশংকা প্রকাশ কৰা হৈছে। বাঢ়িব পাৰে তিস্তা, তোৰ্ছাৰ জলস্তৰ।

You might also like