নিয়মীয়া বাৰ্তা ১২ মেঃ হাৰিয়ানাসহ কেইবাখনো ৰাজ্যত ক’ভিড ভেকচিনত ব্যাপক অপচয় হোৱা বুলি ঘোষণা কৰিছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে৷ কেন্দ্রীয় চৰকাৰে ৰাজ্য তথা কেন্দ্রীয় শাসিত অঞ্চলসমূহলৈ ১৮ কোটি ড’জ বিনামূলীয়া ক’ভিড ভেকচিন প্রেৰণ কৰিছে৷ ইয়াৰে ৰাজ্য তথা কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ হাতত ৯০ লাখ ড’জতকৈ অধিক ক’ভিজ ভেকচিন এতিয়াও মজুত থকা বুলি স্বাস্থ্য মন্ত্রালয়ে সদৰী কৰিছে৷
লক্ষণীয়ভাৱে মন্ত্রালয়ৰ পৰা সদৰী কৰা অনুসৰি হাৰিয়ানাত ৬.৪৯ শতাংশ ভেকচিনৰ অপচয় হৈছে৷ ইয়াৰ পিছতে অসমত ৫.৯২ শতাংশ আৰু ৰাজস্থানত ৫.৬৮ শতাংশ ভেকচিনৰ অপচয় হোৱা বুলি মন্ত্রালয়ে সদৰী কৰিছে৷ মেঘালয়, বিহাৰতো ৫ শতাংশতকৈ অধিক ভেকচিনৰ অপচয় হোৱা বুলি স্বাস্থ্য মন্ত্রালয়ে আজি এক বিবৃতিত উল্লেখ কৰিছে৷ সেইদৰে পঞ্জাবত ৪.৯৪ শতাংশ ভেকচিনৰ অপচয় হোৱা বুলি উল্লেখ কৰা হৈছে বিবৃতিটোত৷