নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধায়ক অখিল গগৈক শপতগ্রহণৰ অনুমতি নিয়াৰ আদালতৰ

নিয়মীয়া বাৰ্তা ১২ মেঃ শিৱসাগৰৰ নৱনির্বাচিত বিধায়ক অখিল গগৈক শপতগ্রহণ অনুষ্ঠানত অংশগ্রহণৰ বাবে অনুমতি প্রদান কৰিছে ‘নিয়া’ৰ বিশেষ আদালতে৷ সেই সন্দর্ভত বিধায়ক গগৈৰ অধিবক্তাই দাখিল কৰা আবেদনৰ শুনানি গ্রহণ কৰি আদালতে এই অনুমতি প্রদান কৰিছে৷ সেই অনুসৰি বিধানসভাৰ মজিয়াত বিধায়কসকলৰ শপতগ্রহণৰ নির্ধাৰিত দিনত উপস্থিত থাকিব পাৰিব বর্তমান কেন্দ্রীয় কাৰাগাৰৰ কাৰাবন্দী তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷

কাৰাগাৰ কর্তৃপক্ষই নির্ধাৰিত দিনটোত তেওঁক নিৰাপত্তা বেষ্টনীৰে লৈ আহিব লাগিব বিধানসভালৈ৷ শপতগ্রহণ অনুষ্ঠানৰ অন্তত পুনৰ কাৰাগাৰ কর্তৃপক্ষই তেওঁক লৈ যাব কাৰাগাৰলৈ৷ উল্লেখ্য যে ‘কা’ আন্দোলনৰ সময়ত নিয়াই ৰুজু কৰা এটা গোচৰত সম্প্রতি কাৰাবন্দী হৈ আছে অখিল গগৈ৷ কাৰাগাৰৰ ভিতৰৰ পৰাই তেওঁ এইবাৰ বিধানসভা নির্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল৷ তেওঁৰ হৈ মাতৃৰ লগতে ৰাইজৰ দলৰ কার্যকর্তা আৰু কেইবাগৰাকীও আগশাৰীৰ সমাজকর্মীয়ে সমষ্টিটোত নির্বাচনী প্রচাৰ চলাইছিল৷ বিজেপি প্রার্থী সুৰভি ৰাজকুমাৰীক হৰুৱাই তেওঁ সমষ্টিটোৰ পৰা বিধানসভালৈ নির্বাচিত হৈছে৷

You might also like